ETV Bharat / state

কাৰ্বি পাহাৰত বিজেপিৰ জিকাৰ ৰেকৰ্ড আৰু কংগ্ৰেছৰ হৰাৰ ৰেকৰ্ড : দিলীপ শইকীয়া - BJP wins in KAAC Election 2022

কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল বিজেপি (BJP wins in KAAC Election 2022) ৷ এই নিৰ্বাচনৰ ফলাফলক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

KAAC election 2022
বিজেপিৰ জিকাৰ আৰু কংগ্ৰেছৰ হৰাৰ ৰেকৰ্ড : দিলীপ শইকীয়া
author img

By

Published : Jun 12, 2022, 10:20 PM IST

বৰপেটা, ১২ জুন : ‘‘বিজেপিৰ জিকাৰ ৰেকৰ্ড আৰু কংগ্ৰেছৰ হৰাৰ ৰেকৰ্ড ৷ অহা ২৫-৩০ বছৰলৈ কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই ৷ অসমত কংগ্ৰেছ দল নিঃশেষ হ’ব’’ ৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলফল সন্দৰ্ভত (KACC Election Results) এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই (BJP MP Dilip Saikia reacts on KAAC election 2022) ৷ বৰপেটাত নৰেন্দ্ৰ মোডী চৰকাৰৰ ৮ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত গৰীব কল্যাণ সন্মিলনত অংশ ল’বলৈ আহি সংবাদ মাধ্যমৰ আগত এইদৰে কয় সাংসদজনে ৷

KAAC election 2022
কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল বিজেপি

অগ্ৰগামী অসম আৰু অগ্ৰগামী ভাৰত গঢ়াৰ বাবে নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মাই যিদৰে কাম কৰি আছে, তাৰ মূল্য আজি ৰাইজে দিছে বুলিও মন্তব্য সাংসদ দিলীপ শইকীয়াই ৷ লগতে তেওঁ কয়, প্ৰতিটো নিৰ্বাচনে বিজেপি মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈ আহিছে ৷ ইপিনে সত্ৰনগৰী বৰপেটা চহৰ আৰু দৰং জিলাক ৰে’লেৰে সংযোগ কৰাৰ বাবে চেষ্টা চলাই থকাৰ কথা উল্লেখ কৰে সাংসদগৰাকীয়ে ৷

এই অনুষ্ঠানতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলফলক লৈ ব্যক্ত কৰে প্ৰতিক্ৰিয়া (Ranjeet Kumar Dass reacts on KAAC election 2022) ৷ অসমৰ প্ৰতিজন লোকৰ হৃদয়ত বিজেপি আৰু মিত্ৰজোঁটে স্থান পাই আহিছে ৷ সেয়ে কেন্দ্ৰ আৰু ৰাজ্যত যি ধৰণৰ উন্নয়নমূলক কাম কৰি আছে, আগন্তুক দিনত প্ৰতিটো নিৰ্বাচনতে ইয়াতকৈ আৰু অধিক ভাল ফল লাভ কৰিব বুলিও আশাবাদী মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

বিজেপিৰ জিকাৰ আৰু কংগ্ৰেছৰ হৰাৰ ৰেকৰ্ড : দিলীপ শইকীয়া

লগতে আজিৰ পৰাই আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তা সকলক সাজু হোৱাৰো আহ্বান জনাই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ আনকি পৰৱৰ্তী পৰ্যায়তো নৰেন্দ্ৰ মোডী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’বই বুলি দাবী কৰি বৰপেটা লোকসভা দখলৰ বাবে কাৰ্যকৰ্তাসকলক সাজু হ’বলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : KAAC Election 2022 Result: কোনে মাৰিব শেষ হাঁহি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.