ETV Bharat / state

কংগ্ৰেছৰ লিডাৰ নহয়, কেডাৰৰ বাবেহে বিজেপিৰ দুৱাৰ খোলা আছে: ৰণজিৎ কুমাৰ দাস

author img

By

Published : Jan 6, 2021, 8:58 PM IST

বৰপেটাৰোডৰ ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ আগন্তুক নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি গৰাকীৰ ৷ কংগ্ৰেছ দল সন্দৰ্ভতো মন্তব্য প্ৰদান ৷

bjp-meeting-at-barpetaroad
কংগ্ৰেছৰ লিডাৰ নহয়, কেডাৰৰ বাবেহে বিজেপিৰ দুৱাৰ খোলা আছে: ৰণজিৎ কুমাৰ দাস

বৰপেটাৰোড, 6 জানুৱাৰী : কংগ্ৰেছৰ লিডাৰ যিখিনি আহিল আহিলেই ৷ এতিয়া কংগ্ৰেছৰ লিডাৰৰ বাবে বিজেপিৰ দুৱাৰ বন্ধ ৷ কিন্তু কংগ্ৰেছৰ কেডাৰৰ বাবে বিজেপিৰ দুৱাৰ সদায় খোলা আছে ৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷ বুধবাৰে বৰপেটাৰোডত বিজেপিৰ এক ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান নেতা গৰাকীৰ ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ মন্তব্য

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে আৰু কয় যে, কংগ্ৰেছৰ বিধায়ক তথা নেতা বোৰে বিজেপিলৈ নাহিলে তেওঁ সন্তুষ্ট হ'ব ৷ তাৰোপৰি যদি কংগ্ৰেছৰ কোনোবা লিডাৰ নতুবা বিধায়ক বিজেপিলৈ আহিব বিচাৰে তেন্তে বিজেপিয়ে গঠন কৰি দিয়া স্কীনিং কমিটীয়ে অনুমোদন জনালেহে বিজেপিত যোগদান কৰিব পাৰিব বুলিও মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ আগন্তুক নিৰ্বাচনত অগপৰ আৰু ইউ পি পি এলৰ লগত মিত্ৰতা থাকিব বুলি উল্লেখ কৰি ৰণজিৎ কুমাৰ দাসে কয় অগপক পূৰ্বে দিয়া আসনতকৈ এইবাৰ হ্ৰাসো পাব পাৰে বৃদ্ধিও হ'ব পাৰে বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : ভাৰতত নতুনকৈ 18,088 লোক ক'ভিডত আক্ৰান্ত

একে সময়তে বিটিচিৰ দুটা আঞ্চলিক ৰাজনৈতিক দলৰ লগত মিত্ৰতা সম্ভৱ নহয় বুলি উল্লেখ কৰি কয় যে, পূৰ্বৰ পৰাই বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা নাছিল বুলি স্পষ্টকৈ উল্লেখ কৰি বিগত 2016 চনত অসম চৰকাৰৰ লগত বিপিএফ দলৰ মিত্ৰতা আছিল ৷ বিপিএফ দলৰ এম এল এ হ'বলৈহে বিপিএফ দলে চৰকাৰৰ লগত মিত্ৰতা কৰিছিল ৷ কিন্তু চৰকাৰে তেওঁলোকক তিনিটাকৈ মন্ত্ৰীত্বও দিছে ৷ বিপিএফৰ বিগত কাৰ্যকালত বিটিচিত বিজেপিৰ এজন এম চি এল এ আছিল সেইজনকো বিপিএফে ই এম দিয়া নাছিল বুলি ৰণজিৎ কুমাৰ দাসে ক্ষোভ প্ৰকাশ কৰে ৷ সেয়ে বিপিএফে মিত্ৰতা পূৰ্বেই ভংগ কৰি বিগত পঞ্চায়ত নিৰ্বাচনত সৰভোগ, ৰঙিয়া, ভৱানীপুৰ আদি সমষ্টিৰ লগতে বিভিন্ন সমষ্টিত বিপিএফে নিজাববীয়াকৈ প্ৰাৰ্থী দিছিল ৷

bjp-meeting-at-barpetaroad
বৰপেটাৰোডৰ ৰাজনৈতিক সভাৰ দৃশ্য

বিগত পৰিষদীয় নিৰ্বাচনত বিটিচিত বিপিএফে বিজেপিক একো নুশুধাকৈ বিজেপিৰ বাবে মাত্ৰ দুখন আসন এৰি দিয়াত বিজেপিয়ে ক্ষোভিত হৈ নিজাববীয়াকৈ 26 টা আসনত প্ৰতিদ্বন্দ্বিতা কৰি তিনি লক্ষাধিকতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হোৱা বুলিও কয় ৷ সেয়ে বিপিএফৰ লগত মিত্ৰতাৰ প্ৰশ্নই নুঠে বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ এই ৰাজনৈতিক সভাত নৱ-নিযুক্ত ই এম গৌতম কুমাৰ দাস সহ কেইবাজনো বিজেপি নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক : DCGIৰ অনুমোদনৰ পিচতো 69 শতাংশ লোকৰ প্ৰতিষেধক ল’বলৈ অস্বীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.