বৰপেটা,3 মাৰ্চ: ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে ৷ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণ কৌশল প্ৰস্তুত কৰিছে ৷ তাৰ মাজতে অগপ দলৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে প্ৰকাশ কৰিছে মিত্ৰতা সম্পৰ্কে আসনৰ বুজা-বুজিৰ কথা । বিগত ২০ বছৰে কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টি এইবেলি অগপক এৰি দিব বিজেপিয়ে । এই কথা প্ৰকাশ কৰে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমিয় কুমাৰ তালুকদাৰে ।
উল্লেখযোগ্য যে, ২০২১ ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দৌৰ অব্যাহত থকাৰ সময়তে চেঙাত আন এক ৰূপ দেখা দিছে । চেঙা বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয়ত অগপৰ জয়ধ্বনিৰ শ্ল’গানৰ লগতে বিতৰণ কৰিছে মিঠাই । ভিৰ কৰিছে অগপৰ কাৰ্যালয়ত নেতা-কৰ্মীয়ে । সম্প্ৰতি ৰবিউল হুছেইন আৰু ৰফিকুল ইছলাম চেঙা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ বুলি একাংশই মত প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ ভূৱন পেগুক টিকট দিলে ভোট বৰ্জন কৰিব বিজেপি কৰ্মীয়ে !