ETV Bharat / state

বৰপেটা লোকসভা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাটো নিশ্চিত : অশোক শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 7:01 PM IST

Lok Sabha Election 2024 : বৰপেটা লোকসভা সমষ্টি আন দলক এৰি নিদিয়ে বুলি মন্তব্য প্ৰাক্তন বিধায়ক তথা বিজেপিৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অশোক শৰ্মাৰ ৷ সমষ্টিটোৰ পৰা তেওঁ প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত বুলি অশোক শৰ্মাই মন্তব্য কৰে ৷

Lok Sabha Election 2024
কোনে পাব বৰপেটা লোকসভা সমষ্টি

বৰপেটা সত্ৰত সেৱা ল’লে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই

বৰপেটা, 3 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ ৷ কি শাসক, কি বিৰোধী সকলোৱে লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে ৷ বিশেষকৈ বৰপেটা লোকসভা সমষ্টিত বিশেষভাৱে তৎপৰ হৈছে শাসক-বিৰোধী উভয়েই ৷ সমষ্টিটোত চকু অসম গণ পৰিষদৰ ৷ বিপৰীতে বিজেপি দলে এতিয়াও স্পষ্ট কৰা নাই সমষ্টিটো মিত্ৰদল অগপৰ হাতলৈ যাব নে দলটোৱে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷

ইফালে বুধবাৰে বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱা জনাই প্ৰাক্তন বিধায়ক তথা বিজেপিৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অশোক শৰ্মাই ৷ অশোক শৰ্মাই বৰপেটা সত্ৰত সেৱা লৈ সংবাদ মাধ্যমৰ আগত নিজকে সনাতন ধৰ্মৰ বিশ্বাসী বুলি কৈ যিকোনো শুভ কাম কৰাৰ আগতে ভগৱানক সেৱা জনায় বুলি উল্লেখ কৰে ৷ তেখেতে বৰপেটা লোকসভা সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত যাতে প্ৰাৰ্থিত্ব লাভ কৰে তাৰ বাবে সেৱা লোৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা অশোক শৰ্মাই কয় যে বৰপেটাৰ লগতে সমগ্ৰ অসমে জানে যে, তেওঁ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৷ অগপ যিহেতু বিজেপিৰ মিত্ৰদল গতিকে তেওঁলোকে প্ৰাৰ্থিত্ব বিচৰাটো স্বাভাৱিক ৷ সমষ্টি পুনৰ নিৰ্ধাৰণত বৰপেটা সমষ্টিটো মসৃণ হৈ পৰাত আন দলক সমষ্টিটো এৰি দিয়াৰ কোনো যুক্তি নাই বুলিও তেখেতে মন্তব্য কৰে ৷ বৰপেটা, কলিয়াবৰ আৰু নগাঁও এই তিনিওটা সমষ্টি লোকসভা প্ৰৱাহ যোজনাৰ জৰিয়তে এখন কমিটি গঠন কৰি, সভা-সমিতি পাতি তিনিওটা সমষ্টি বিজেপিৰ হাতত ৰাখিব পাৰি তাৰে বাবে চেষ্টা চলোৱা হৈছে বুলি মন্তব্য কৰে অশোক শৰ্মাই ৷

আনহাতে তেওঁ কয় যে, দুবছৰে বৰপেটা লোকসভা সমষ্টিটো বিজেপিৰ দখলত আনিবলৈ যি প্ৰচেষ্টা হাতত লোৱা হৈছিল তাৰ পিছতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা সমষ্টিটো বিজেপিৰ বাবে অধিক মসৃণ হৈ পৰে ৷ কোনো কাৰণতে বিজেপিয়ে বৰপেটা সমষ্টিটো আন দলক এৰি নিদিয়ে সেয়া নিশ্চিত বুলি মন্তব্য কৰে অশোক শৰ্মাই ৷ তেওঁ লগতে কয় যে, যোৱাবাৰো বৰপেটা সমষ্টি অগপ দলক এৰি দিয়া হৈছিল, সকলোৱে দেখিছে কিমান ভোটত হাৰিছে অগপ ৷ বৰপেটা সমষ্টিটো বিজেপি দলে খেলাটো নিশ্চিত বুলি উল্লেখ কৰি বৰপেটা লোকসভা সমষ্টিত বিজেপিৰ কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ব পাৰে কিন্তু তেওঁ প্ৰাৰ্থিত্ব পোৱাতো নিশ্চিত বুলি অশোক শৰ্মাই মন্তব্য কৰে ৷

লগতে পঢ়ক : পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.