ETV Bharat / state

জনসংখ্যা নিয়ন্ত্ৰণ বিলক সমৰ্থন সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীৰ - হাউলীত অনুষ্ঠিত হয় বিজেপি দলৰ যোগদান কাৰ্যসূচী

বৰপেটাৰ হাউলীত অনুষ্ঠিত হয় বিজেপি দলৰ যোগদান কাৰ্যসূচী (BJP Joining program at Barpeta)। এই কাৰ্যসূচীত অংশ লৈ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ নৱনিযুক্ত অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীৰ ঘোষণা ৭৫ শতাংশ পুঁজি কেৱল নাৰী সৱলীকৰণৰ বাবে ব্যয় কৰা হ'ব । জনসংখ্যা নিয়ন্ত্ৰণ বিলক সমৰ্থন হাবিব মহম্মদ চৌধুৰীৰ ।

BJP Joining program at Barpeta
সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰী
author img

By

Published : Feb 1, 2022, 4:02 PM IST

বৰপেটা,১ ফেব্ৰুৱাৰী : সলনি হ'ব ৰাজ্যৰ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ কাম-কাজ ৷ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ নৱনিযুক্ত অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে ঘোষণা কৰা এই কথা । বৰপেটাৰ হাউলীত বিজেপিৰ এখন সভাত (BJP Joining program at Barpeta) অংশগ্ৰহণ কৰি নিজ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰিলে সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে ৷

বিশেষকৈ সংখ্যালঘু সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক শিক্ষিত আৰু স্বাৱলম্বী কৰি গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানৰ কথা ব্যক্ত কৰে হাবিব মহম্মদ চৌধুৰীয়ে ৷ তাৰ বাবে ব'ৰ্ডৰ ৭৫ শতাংশ পুঁজি কেৱল নাৰী সৱলীকৰণৰ বাবে ব্যয় কৰা হ'ব বুলিও প্ৰকাশ কৰে হাবিব মহম্মদ চৌধুৰীয়ে ৷ ইফালে জন বিস্ফোৰণক লৈ যি সময়ত অসমকে ধৰি দেশৰ হিন্দুত্ববাদী সংগঠনসমূহে শংকা ব্যক্ত কৰি আহিছে তেনে সময়তে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সপক্ষে মন্তব্য কৰিছে ৰাজ্যৰ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে (Minority Development Board Chairman support Population Control Bill)৷

সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰী

হাবিব মহম্মদ চৌধুৰীয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন আনিব বিচৰা বুলি মন্তব্য কৰাৰ লগতে বাল্য বিবাহ বিৰোধী সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে ৷ বহুতে ধাৰণা কৰে সংখ্যালঘু মানে কেৱল মুছলমানসকল । কিন্তু সংখ্যালঘু মানে কেৱল মুছলমানসকলেই নহয় খ্ৰীষ্টান, জৈন, বৌদ্ধসকলো সংখ্যালঘু আৰু তেওঁলোকক লৈ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ কাম কাজ আগবঢ়াই নিয়াৰ দূৰদৰ্শী পৰিকল্পনাৰ কথা ব্যক্ত কৰে হাবিব মহম্মদ চৌধুৰীয়ে ৷ আনহাতে উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যত আহি থকা নিৰ্বাচনত বিজেপিৰ ফলাফল ভাল হ'ব বুলিও মন্তব্য কৰে হাবিব মহম্মদ চৌধুৰীয়ে ৷

লগতে পঢ়ক :Guwahati high court rejects bail: গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা ৰৌণক আলিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.