বৰপেটা, 21 নৱেম্বৰ : বৰপেটা জিলাৰ 44 নং জনিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গজিয়া-মেধিৰটাৰী গাঁও পঞ্চায়তৰ সভাগৃহত আজি ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ জনিয়া মণ্ডলৰ প্ৰথমখন মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । জনিয়া মণ্ডলৰ ভাজপা সংখ্যালঘু মৰ্চাৰ সভাপতি ৰমেজ উদ্দিনৰ পৌৰোহিত্যত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আমানুৰ ৰহমান খানে উপস্থিত থাকি ভাষণ প্ৰসংগত চৰকাৰৰ বিভিন্ন আঁচনিৰ কাৰ্যকৰিতাৰ দিশসমূহ বিশ্লেষণ কৰি বিজেপি দলৰ কৰ্মীসকলক একনিষ্ঠভাৱে কাম কৰাৰ নানা পৰামৰ্শ প্ৰদান কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শক্তিশালী ৰাজনৈক দল বুলি মত ব্যক্ত কৰে।
সভাত উপস্থিত থাকি বৰপেটা জিলা ভাজপা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ছৈয়দ ইউছুফ আলীয়ে ভাষণ প্ৰসংগত আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি দলে যাতে সংখ্যা গৰিষ্ঠতা লাভ কৰিব পাৰে তাৰেই লক্ষ্য আগত ৰাখি দলৰ সমুহ কৰ্মকৰ্তাক সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ আহ্বান জনোৱাৰ লগতে জনিয়া সমষ্টিত এটা সময়ত বিজেপিৰ বাহিৰে অইন কোনো দল নাথাকে বুলি মন্তব্য কৰে ।
কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকি ভাষণ প্ৰসংগত বৰপেটা জিলা ভাজপা সংখ্যালঘু মৰ্চাৰ সভাপতি ইছমাইল হুছেইনে চৰকাৰে দিয়া বিভিন্ন আঁচনি সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰি কয় যে , অনৈক্যৰ মাজত ঐক্য স্থাপন কৰাই হৈছে বিজেপি দলৰ লক্ষ্য আৰু উদ্দেশ্য । সেয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস উপলব্ধি কৰি দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে কৰ্মীসকলৰ প্ৰতি আহ্বান জনায় ।
উল্লেখ্য যে, জনিয়া মণ্ডলৰ ভাজপা সংখ্যালঘু মৰ্চাৰ সভাপতি ৰমেজ উদ্দিনৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা উক্ত সভাত ক্ৰমে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মোক্তাৰ হুছেইন খান , বৰপেটা জিলা ভাজপা সংখ্যালঘু মৰ্চাৰ সভাপতি ইছমাইল হুছেইন , জনিয়া মণ্ডলৰ সভাপতি গজেন দাস , জনিয়া সমষ্টিৰ প্ৰভাৰী দেৱব্ৰত সৰকাৰ , সংখ্যালঘু মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সদস্য তথা বলিষ্ঠ যুৱ নেতা আব্দুল মোতালেব সহ দলৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা উপস্থিত থাকি দলৰ সাংগঠনিক দিশ শক্তিশালী কৰা কৌশল সন্দৰ্ভত তথ্য সমৃদ্ধ গঠনমূলক ভাষণ প্ৰদান কৰে ।
লগতে পঢ়ক:বিজেপিয়ে বিটিচিত চিংগেল ডিজিটো নাপায়: হাগ্ৰামা মহিলাৰী