ETV Bharat / state

জনীয়াত তীব্ৰতৰ বিজেপিৰ নিৰ্বাচনী তৎপৰতা - নিৰ্বাচন

সমাগত নিৰ্বাচনক লৈ বৃহস্পতিবাৰে জনীয়াত এখন সভা আহ্বান কৰি শক্তিশালী নিৰ্বাচন পৰিচালনা সমিতি গঠন বিজেপিৰ দলীয় নেতা-কৰ্মীৰ ৷ সভাত 70 বছৰে নোহোৱা উন্নতি সমষ্টিত বিজেপিৰ বিধায়ক হ’লে 5 বছৰতে সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰে দলীয় কৰ্মীয়ে ৷

bjp-election-campaign-at-jania
জনিয়াত তীব্ৰতৰ বিজেপিৰ নিৰ্বাচনী তৎপৰতা
author img

By

Published : Mar 11, 2021, 6:02 PM IST

জনীয়া,11 মাৰ্চ: ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বৰপেটা জিলাৰ জনীয়া সমষ্টিতো বিজেপি নেতা-কৰ্মীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী তৎপৰতা ৷ বৃহস্পতিবাৰে জনীয়া সমষ্টিৰ কলগাছিয়াস্থিত বিজেপিৰ কাৰ্যালয়ত এখন সভা আহ্বান কৰি শক্তিশালী নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰে বিজেপিয়ে । সভাৰ অন্তত দলটোৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা জনীয়া সমষ্টিৰ বিজেপি দলৰ অন্যতম শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী শ্বাহিদুল ইছলামে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

জনীয়াত তীব্ৰতৰ বিজেপিৰ নিৰ্বাচনী তৎপৰতা

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ইছলামে কয় যে, ‘‘যি সকলে মিঞা মিউজিয়াম বিচাৰে, মিঞা কবিতাৰ পোষকতা কৰে, তেওঁলোকৰ ভোট বিজেপিক নালাগে, আমি অসমীয়া আৰু আমাক অসমীয়াৰ ভোট লাগে । নেতা গৰাকীয়ে জনীয়া সমষ্টিৰ বিভিন্ন সমস্যা সমাধান সম্পৰ্কে কোৱাৰ উপৰিও যোৱা 70 বছৰে নোহোৱা উন্নতি সমষ্টিত বিজেপিৰ বিধায়ক হ’লে 5 বছৰতে হৈ সম্ভৱ উঠিব বুলি মন্তব্য আগবঢ়ায় ।

আনহাতে, জনীয়াৰ ৰাইজে এইবেলি বিজেপিৰ পৰা বিধায়ক নিৰ্বাচিত কৰি চৰকাৰ গঠনত অংশীদাৰ হ’ব বুলি মন্তব্য কৰে সমষ্টিটোৰ প্ৰভাৰী দেৱব্ৰত সৰকাৰে । উক্ত সভাত উপস্থিত থাকে বিজেপি দলৰ কেইবাগৰাকীও নেতা-কৰ্মী ৷

লগতে পঢ়ক: ৰঙিয়াৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.