ETV Bharat / state

শিলাদিত্যই নিজ উদ্দেশ্যে সিদ্ধিৰ বাবে মন্তব্য কৰে: আঙুৰলতা - জনীয়া সমষ্টিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী তৌফিক ৰহমান

বৰপেটা জনীয়াত তৌফিক ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু বিধায়িকা আঙুলতা ডেকাই ৷ আওপকীয়াকৈ ৰাইজক শিলাদিত্য দেৱৰ মন্তব্যক গুৰুত্ব নিদিবলৈ আহ্বান বিধায়িকা গৰাকীৰ ৷

বিজেপি নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Oct 16, 2019, 11:55 PM IST

জনীয়া,16 অক্টোবৰ: " নিজৰ উদ্দেশ্য পূৰণৰ বাবে কোনোবাই কিবা ক'ব পাৰে,তাত কোনো গুৰুত্ব দিব নালাগে "৷ এই মন্তব্য বটদ্ৰৱাৰ বিধায়িকা আঙুলতা ডেকাৰ ৷

ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ ৷ প্ৰত্যেকটো ৰাজনৈতিক দলে তীব্ৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে জনীয়া সমষ্টিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী তৌফিক ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বাবে বিগত দিনবোৰত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক দিনবোৰত জনীয়া সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তৌফিক ৰহমানক ভোট দিয়াৰ আহ্বান জনাই বিধায়িকাগৰাকীয়ে ৷ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিধায়িকা গৰাকীয়ে আওপকীয়াকৈ কয় যে,কোনোবাই নিজৰ উদ্দেশ্য পূৰণৰ বাবে কিবা ক'ব পাৰে তাত গুৰুত্ব দি লাভ নাই ৷

জনীয়াত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকা

আনহাতে,নিৰ্বাচনী প্ৰচাৰত আঙুলৰতা ডেকাৰ সৈতে সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ জনীয়া-বাঘবৰ সমষ্টিক পাকিস্তানৰ লগত তুলনা কৰা প্ৰসংগক অস্বীকাৰ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ তেখেতে কেতিয়াও জনীয়া-বাঘবৰক পাকিস্তানৰ সৈতে তুলনা কৰা নাই,এইয়া মাথো সংবাদ মাধ্যমৰ অপ্ৰচাৰ বুলিও মন্তব্য কৰে ৰঞ্জিত দাসে ৷ লগতে তেখেতে দাবী কৰে যে,উপ-নিৰ্বাচনৰ চাৰিওটা আসনতে বিজেপিয়ে জয়লাভ কৰিব ৷

Intro:slug: as_jania_16oct_bjp_election_meeting_vis2+byt2+pho1_story_asc10058

Anchor: জনীয়া-বাঘবৰ সমষ্টি পাকিস্তানৰ তুলনা কৰা অস্বীকাৰ বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। শিলাদিত্য দেবৰ সাম্প্ৰদায়িক বক্তব্যক কোনো পক্ষকে গুৰুত্ব নিদিবলৈ আহ্বান বিধায়িকা আঙুৰলতা ডেকাৰ।Body:slug: as_jania_16oct_bjp_election_meeting_vis2+byt2+pho1_story_asc10058

VO: শাসক বিৰোধীৰ লগতে প্ৰতিটো দলৰে তুংগত উঠিছে জনীয়া সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য। বুধবাৰে সন্ধিয়া জনীয়া সমষ্টিৰ মেধিৰটাৰীত বিজেপি দলৰ যুৱ নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বহিদুল ইছলামৰ তত্বাৱধানত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষন প্ৰসংগত জনীয়া সমষ্টিৰ উন্নয়ন কৰিব বুলি আল্লাৰ নামত শপত খায়। আনফালে বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানেও নিৰ্বাচনত জয়ী হ'লে জনীয়া সমষ্টিত ঘৰ বনোৱাৰ লগতে জনীয়াত খণ্ড উন্নয়ন কাৰ্যালয় নিৰ্মাণ কৰিব বুলি আল্লাৰ নামত শপত খায়। সাংবাদিকৰে সৈতে হোৱা সাক্ষাত কাৰত বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৰাজ্যত হ'বলগীয়া উপ-নিৰ্বাচনত চাৰিটা সমষ্টিতে জিকিব বুলি দাবী কৰে। জনীয়া আৰু বাঘবৰ সমষ্টিক কি কাৰণত পাকিস্তানৰ লগত তুলনা কৰা হৈছিল এক প্ৰশ্নৰ উত্তৰত দাসে কয় যে তেওঁ কেতিয়াও জনীয়া আৰু বাঘবৰক পাকিস্তানৰ লগত তুলনা কৰা নাই। এয়া মাথোঁ সংবাদ মাধ্যমতহে অপ-প্ৰচাৰ হৈছে বুলি কয়। আনফালে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতাক বিধায়ক শিলাদিত্য দেবে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বিষয়ে কি ক'ব বুলি কোৱাত বিধায়িকা ডেকাই কয় যে নিজৰ উদ্দেশ্য পূৰণৰ বাবে কোনোবাই কিবা ক'ব পাৰে সেইটোত কোনেও গুৰুত্ব দিব নালাগে। একেটা প্ৰশ্ন বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক কৰাত কয় যে, কিছু ক্ষেত্ৰত তেওঁ ঠিকেই কয় আৰু আপত্তিজনক কথাবোৰ নকবলৈ শিলাদিত্যক লিখিত ভাৱে জনোৱা হৈছে বুলি দোহাৰে। উল্লেখ্য যে,জনীয়া সমষ্টিৰ নিৰ্বাচনী যুঁজখন অতি আকৰ্ষণীয় হৈ উঠিছে।Conclusion:slug: as_jania_16oct_bjp_election_meeting_vis2+byt2+pho1_story_asc10058

Byte: বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিধায়িকা আঙুৰলতা ডেকা।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.