ETV Bharat / state

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণগুৰু প্ৰভুৰ ৮৭ সংখ্যক আবিৰ্ভাৱ তিথি পালন

১৯৩৪ চনৰ শুকুলা অষ্টমী তিথিত নসত্ৰত আবিৰ্ভাৱ ঘটিছিল কৃষ্ণগুৰু প্ৰভুৰ ৷ বৃহস্পতিবাৰে কৃষ্ণগুৰু প্ৰভুৰ ৮৭ সংখ্যক আবিৰ্ভাৱ তিথি পালন কৰা হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনায় ।

krishnaguru
নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণগুৰু প্ৰভুৰ ৮৭ সংখ্যক আবিৰ্ভাৱ তিথি পালন
author img

By

Published : May 21, 2021, 10:11 AM IST

বৰপেটা, 21 মে': নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠাপক তথা আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ বৃহস্পতিবাৰে ৮৭ সংখ্যক আবিৰ্ভাৱ তিথি পালন কৰা হয় । সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্টুপীয়াকৈ পালন কৰা হয় কৃষ্ণগুৰু প্ৰভুৰ ৮৭ সংখ্যক আবিৰ্ভাৱ তিথি ।

১৯৩৪ চনৰ শুকুলা অষ্টমী তিথিত নসত্ৰত আবিৰ্ভাৱ ঘটিছিল কৃষ্ণগুৰু প্ৰভুৰ । কৃষ্ণগুৰু মহাপ্ৰভু ঈশ্বৰৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধ্যাত্মিক গুৰুগৰাকীৰ অনুগামীসকলক শুভেচ্ছা জ্ঞাপন কৰে ।

krishnaguru
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো শুভেচ্ছা জ্ঞাপন

কৃষ্ণগুৰুৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰে সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে । আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনায় ।

krishnaguru
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা জ্ঞাপন

কৃষ্ণগুৰু প্ৰভুৰ মুখ নিঃসৃত অমৃত বাণীয়ে সদায়েই মাগদৰ্শন কৰি যাব বুলি উল্লেখ কৰাৰ লগতে কৃষ্ণগুৰু প্ৰভুৱে সকলোৰে মংগল কৰিব বুলি কামনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমৰ জৰিয়তে কৃষ্ণগুৰু প্ৰভুৰ আবিৰ্ভাৱ তিথি উপলক্ষে বাৰ্তা প্ৰেৰণ কৰাত দুয়োজনলৈ ধন্যবাদ জ্ঞাপন কৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে ।

লগতে পঢ়ক: চাপৰৰ শালকোচাত জব্দ বহু পৰিমাণৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.