ETV Bharat / state

আজি মহাপুৰুষ মাধৱদেৱৰ 533 সংখ্যক আবিৰ্ভাৱ তিথি

হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত হ’ল ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ ৷ গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত সোমবাৰৰ পৰা তিনিদিনিয়া কাৰ্যসূচীৰে পালন অনুষ্ঠিত কৰা হৈছে মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ ৷

author img

By

Published : May 17, 2022, 2:06 PM IST

Barpeta Satra
হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত হ’ল ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ

বৰপেটা, 17 মে’ : 1489 শকত নাৰায়ণপুৰৰ লেতেকুপুখুৰীত জন্ম গ্ৰহণ কৰা মহাপুৰুষ মাধৱদেৱৰ আজি 533 সংখ্যক আবিৰ্ভাৱ তিথি (birth anniversary of Mahapurusha Madhab deva) ৷ সেই উদ্দেশ্যে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিনিদিনিয়া কাৰ্যসূচীৰে পালন অনুষ্ঠিত কৰা হৈছে মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ (Madhab deva birth anniversary in Barpeta satra)৷

মহাপুৰুষ জনাই স্থাপন কৰা দ্বাৰকা মথুৰা সদৃশ বৰপেটা সত্ৰত পুৱাৰ নিত্য প্ৰসংগৰ সৈতে নৈমিত্তিক প্ৰসংগত ভাগ লয় ভকতসকলে ৷ পুৱাৰ নাম-প্ৰসংগৰ পাচতে ভাগৱত ভ্ৰমণৰ কাৰ্যসূচীও হাতত লৈছে বৰপেটা সত্ৰত পৰিচালনা সমিতিয়ে ৷ উল্লেখ্য যে, বৰপেটা সত্ৰৰ চৌদিশ এতিয়া নাম প্ৰসংগ, হৰিনাম, কীৰ্তনৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে ৷

আজি মহাপুৰুষ মাধৱদেৱৰ 533 সংখ্যক আবিৰ্ভাৱ তিথি

গুৰুজনাৰ আবিৰ্ভাৱ তিথিৰ পৱিত্ৰ দিনটোত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই আশীষ লোৱাৰ উদ্দেশ্যে পুৱাৰে পৰা বহু ভক্তই ভিৰ কৰিছে সত্ৰৰ বাকৰিত ৷ ইপিনে কাইলৈ অৰ্থাৎ বুধবাৰে নিশা বৰপেটা সত্ৰত ধৰ্মালোচনা সভা অনুষ্ঠিত কৰা হ’ব ৷

লগতে পঢ়ক : জীৱশ্ৰেষ্ঠৰ মহানুভৱতা: নাহৰফুটুকী বাঘৰ পোৱালিক খুৱালে পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.