ETV Bharat / state

বিটিএডিত নিৰ্বাচনৰ দাবীৰে অবড়ো লোকৰ বাইক ৰেলী

author img

By

Published : Oct 9, 2020, 1:10 PM IST

বিটিএডিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বাক্সাত বিশাল বাইক ৰেলী ৷ শুকুৰবাৰে বাক্সাৰ আনন্দ বজাৰত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ উদ্যোগত এই বিশাল বাইক ৰেলী বাহিৰ হয় ৷ বিটিএডিত নিৰ্বাচন, বি টি আৰ চুক্তি ৰূপায়ন বন্ধ কৰা আৰু অবড়ো ৰাইজৰ সমস্যা সমাধান সম্পৰ্কত আলোচনাৰ বাবে প্ৰতিবাদকাৰীয়ে দাবী উত্থাপন কৰে ৷ দাবী পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন চলাই যোৱাৰ হুংকাৰ ৷

বিটিএডিত নিৰ্বাচনৰ দাবীৰে অবড়ো লোকৰ বাইক ৰেলী
বিটিএডিত নিৰ্বাচনৰ দাবীৰে অবড়ো লোকৰ বাইক ৰেলী

বৰপেটাৰোড, 9 অক্টোবৰ : বিটিএডিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বাক্সাত বিশাল বাইক ৰেলী ৷ শুকুৰবাৰে বাক্সাৰ আনন্দ বজাৰত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ উদ্যোগত এক বিশাল বাইক ৰেলীৰে বিটিএডিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে অবড়ো লোকসকলৰ সুৰক্ষাৰ বাবে বিভিন্ন দাবীৰে এই বাইক ৰেলী উলিয়ায় ৷ মূলতঃ বিটিএডিৰ পৰা সকলো অবড়ো সংখ্যাগৰিষ্ঠ গাওঁ কৰ্তন কৰা, অতি শীঘ্ৰে বিটিএডিত নিৰ্বাচন অনুষ্ঠিত কৰা, বি টি আৰ চুক্তি ৰূপায়ন বন্ধ কৰা আৰু অবড়ো ৰাইজৰ সমস্যা সম্পৰ্কে আলোচনা কৰাৰ দাবীত এই প্ৰতিবাদী বাইক ৰেলী উলিয়ায় ৷

বিটিএডি নিৰ্বাচনৰ দাবীৰে বাক্সাত বিশাল বাইক ৰেলী

বিটিএডিত অবড়ো ৰাইজৰ ভূমি আৰু ভাষাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দাবী উত্থাপন কৰাৰ উপৰিও ১৮৬৬ চনৰ ভূমি আইনৰ ১০ নং দফা সংশোধন কৰি জনজাতি বেষ্টনি আৰু খণ্ডত অজনজাতি লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ বাবেও প্ৰতিবাদকাৰী সকলে দাবী উত্থাপন কৰে ৷ উক্ত প্ৰতিবাদী বাইক ৰেলীত শালবাৰী সমষ্টিৰ প্ৰাক্তন এম চি এল এ চক্ৰধৰ দাসে অংশ লৈ তেওঁলোকৰ দাবী পূৰণ নকৰা পৰ্যন্ত আন্দোলন চলাই যোৱাৰো হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: তিনি বছৰে সম্পূৰ্ণ নহ’ল গুনিয়ালগুৰি-কোকিলা সংযোগী পকী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.