ETV Bharat / state

বৰপেটা সত্ৰত বৈহাগ'ৰ দোমাহী পালন - ৰঙালী বিহু

অসমৰ বাপটি সাহোন ৰঙালী বিহুটি ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন কৰাৰ সময়তে বৰপেটাতো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে পালন কৰা হৈছে ব'হাগ বিহু ৷ হৰিনামৰ অমিয়া সুৰ, গায়ন বায়নৰ ভক্তিপূৰ্ণ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰৰ চৌহদ

বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰীক
author img

By

Published : Apr 15, 2019, 10:37 AM IST

বৰপেটা , 15 এপ্ৰিলঃ বৰপেটাত ৰঙালী বিহুৰ ঢোল পেঁপা গগনা বিহু নামৰ পৰিৱৰ্তে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পৰিশীলিত ৰূপত পালন কৰা হয় ব'হাগ বিহু ৷ বৰপেটাত স্থানীয় ভাষাত ব'হাগ বিহুক কোৱা হয় বৈহাগ'ৰ দোমাহী ৷

বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰীক

চতৰ সংক্ৰান্তিৰ পৰা সাতদিন জুৰি পালন কৰা বৈহাগৰ দোমাহী ৷ আজি পহিলা বহাগৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হৈছে বৰ দোমাহী ৷ বৰ দোমাহী উপলক্ষে সত্ৰত সেৱা জনাবলৈ সত্ৰবাসী ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷ লগতে সত্ৰত পুৱা নাম প্ৰসংগৰ পিচত সত্ৰৰ গায়ন বায়নে গুৰুঘাট বজায় ৷ পহিলা বহাগৰ দিনটোত সত্ৰত আঠু লৈ গুৰু জনাৰ আশীৰ্বাদ কামনা কৰে ভক্ত সকলে ৷ পুৱাৰ প্ৰসংগৰ পিচতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হ'ব ৷ সত্ৰৰ দৈৱজ্ঞই কৰা বৰ্ষফল গননা শুনিবলৈ আজি সত্ৰত সমবেত হ'ব বৰপেটাবাসী ৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গণনাৰ পিচতেই সত্ৰৰ মঠৰ চোতাল আৰু আইসকলে প্ৰসংগ কৰা কাঠিত পাঠ কৰা হ'ব বৰ্ষফল গণনা ৷

Intro: অসমৰ বাপোটি সাহোন ৰঙালী বিহুটি ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন কৰাৰ সময়তে বৰপেটাতো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে পালন কৰা হৈছে ব'হাগ বিহু ৷ বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰীক ৷

Body:বৰপেটাত ৰঙালী বিহুৰ ঢোল পেপা গগনা বিহু নামৰ  পৰিৱৰ্তে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পৰিশীলিত ৰূপত পালন কৰা হয় ব'হাগ বিহু ৷ বৰপেটাত স্থানীয় ভাষাত ব'হাগ বিহুক কোৱা হয় বৈহাগ'ৰ দোমাহি ৷ চতৰ সংক্ৰান্তিৰ পৰা সাতদিন জুৰি পালন কৰা বৈহাগৰ দোমাহিৰ  আজি পহিলা বহাগৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হৈছে বৰ দোমাহি ৷ বৰ দোমাহি উপলক্ষে সত্ৰত সেৱা জনাবলৈ সত্ৰবাসী ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভীৰ কৰিছে ৷ বৰ দোমাহি উপলক্ষে সত্ৰত পুৱা নাম প্ৰসংগৰ পিচত সত্ৰৰ গায়ন বায়নে গুৰুঘাট বজায় ৷ হৰিনামৰ অমিয়া সুৰ,  গায়ন বায়নৰ ভক্তিভাৱপূৰ্ণ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ ৷ পহিলা বহাগৰ দিনতোট সত্ৰত আঠু লৈ গুৰু দুজনাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছে ভক্তসকলে ৷ পুৱাৰ প্ৰসংগৰ পিচতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হব ৷ সত্ৰৰ দৈবজ্ঞই কৰা বৰ্ষফল গননা শুনিবলৈ আজি সত্ৰখনত সমবেত হব বৰপেটাবাসী প্ৰতিজন লোক ৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গননাৰ পিচতেই সত্ৰৰ মঠৰ চোতাল আৰু আইসকলে প্ৰসঙ্গ কৰা কাঠিত পাঠ কৰা হব বৰ্ষফল গননা ৷

Conclusion:বাইটঃ বুঢ়া সত্ৰীয়া, বৰপেটা সত্ৰ

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.