ETV Bharat / state

ULFA I killed cadre: কিয় হত্যা কৰা হ’ল বিভাকৰক ? পৰেশ বৰুৱাক উত্তৰ বিচাৰিলে মৃত যুৱকৰ পিতৃয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 3:54 PM IST

বিভাকৰ ওৰফে প্ৰণৱ অসমৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালে । কান্দোনত ভাগি পৰিছে পৰিয়ালটো । আলফা(স্বা)ৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিভাকৰৰ পিতৃ ।

Bibhakars father slams ULFA I
ULFA cadre death
পৰেশ বৰুৱাৰ বিৰুদ্ধে বিভাকৰৰ পিতৃৰ ক্ষোভ

বৰপেটা,২৮ অক্টোবৰ : আলফা(স্বা)ৰ শিবিৰত পুনৰ দুই কেডাৰক মৃত্যুদণ্ড দিয়াৰ তথ্য পোহৰলৈ আহিছে । তাৰ ভিতৰত এজন পাঠশালাৰ বিভাকৰ কলিতা ওৰফে প্ৰণৱ অসম বুলি জানিব পৰা গৈছে । এই খবৰ পোৱাৰ লগে লগে বিভাকৰৰ পাঠশালাস্থিত বাসগৃহত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । শোকত ভাগি পৰিছে বিভাকৰৰ দুৰ্ভগীয়া পৰিয়ালটো । পুত্ৰৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পিতৃয়ে । পুত্ৰক হত্যাৰ অভিযোগ পিতৃৰ ।

ইফালে আলফা(স্বা)ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিভাকৰৰ পিতৃয়ে । পিতৃৰ মতে দুৰ্বল হৈ পৰিছে আলফা(স্বা) । ম্যানমাৰত আলফা(স্বা)ৰ মাত্ৰ তিনিটা শিবিৰ আছে । য'ত মাত্ৰ ১৫০-২০০ কেডাৰ আছে । বিভাকৰৰ পিতৃয়ে অভিযোগ কৰা মতে শিবিৰকেইটাত তীব্ৰ খাদ্য সংকটে দেখা দিছে । যাৰ বাবে বহু কেডাৰে পলায়নৰ চেষ্টা কৰিছে ।

পিতৃয়ে জনোৱা মতে ২০২২ চনৰ ৯ মাৰ্চত পাঠশালাৰ নিজৰ ঘৰখন এৰি আলফা(স্বা)ত যোগদান কৰিবলৈ গৈছিল বিভাকৰ কলিতাই । ম্যানমাৰৰ শিবিৰত বিভাকৰৰ নাম আছিল প্ৰণৱ অসম । কিন্তু এবছৰ ধৰি পৰিয়ালে বিভাকৰৰ কোনো খবৰ নোপোৱাৰ পাছত শেহতীয়াকৈ ম্যানমাৰৰ আলফা(স্বা)ৰ শিবিৰৰ পৰা পলাই অহা এজন কেডাৰে পাঠশালাৰ বিভাকৰৰ পৰিয়ালৰ কাষ চাপিছিল । সেই কেডাৰজনে আলফাৰ শিবিৰত চলি থকা খাদ্য সংকটৰ বিষয়ে কৈছিল ।

পলায়ন কৰা কেডাৰজনে পৰিয়ালটোক জনোৱা মতে বিভাকৰ আৰু তেওঁৰ দুজনমান সতীৰ্থই শিবিৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল । সেই সময়তে বিভাকৰ ওৰফে প্ৰণৱ অসম আৰু এজন সতীৰ্থক গুলীয়াই হত্যা কৰা হৈছিল বুলি কেডাৰজনে পিতৃক অৱগত কৰে ।

ইফালে আলফা শিবিৰত কেৱল পৰিমল চাউলৰ ভাত আৰু লাই শাকৰ আঞ্জা খাবলৈ দিয়া হয় বুলিও বিভাকৰৰ পিতৃয়ে অভিযোগ কৰিছে । বিভাকৰ আৰু আন সদস্যসকলৰ বাবেও ই অসহনীয় আছিল বুলি পিতৃয়ে অভিযোগ কৰে । ইফালে প্ৰতিভাৱান খেলুৱৈ তথা আলফাত যোগদান কৰা বিভাকৰৰ মৃত্যুৱে সমগ্ৰ পাঠশালা জোকাৰি গৈছে । তেওঁৰ পৰিয়ালৰ লগতে আত্মীয়সকল শোকত ভাগি পৰিছে । যাৰ বাবে আলফা(স্বা)ৰ অধ্যক্ষ পৰেশ বৰুৱাক পুত্ৰৰ মৃত্যু সম্পৰ্কে স্পষ্টীকৰণ দিবলৈও দাবী জনাইছে দুৰ্ভগীয়া পিতৃয়ে ।

যুৱক-যুৱতীসকলক বলপূৰ্বকভাৱে আলফা(স্বা)ত যোগদান কৰাই পাছত তেওঁলোকক কিয় হত্যা কৰা হয় তাৰো উত্তৰ বিচাৰিলে বিভাকৰ ওৰফে প্ৰণৱ অসমৰ পিতৃয়ে । সমান্তৰালকৈ আলফা(স্বা)ত নতুনকৈ যুৱক-যুৱতীসকলক যোগদান নকৰিবলৈও তেওঁ আহ্বান জনায় ।

উল্লেখ্য যে শেহতীয়া তথ্য অনুসৰি সংগঠনটোৰ শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগত দুজন আলফা কেডাৰক হত্যা কৰা হৈছিল ৷ এ জেদ শিৰোনাম অসমে দুয়োজন কেডাৰক গুলীয়াই হত্যা কৰাৰ কথা নিশ্চিত হৈছে ৷ প্ৰকৃততে বৃহস্পতিবাৰে আলফা(স্বা)ৰ ফালৰ পৰা এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ এক ভিডিঅ' বাৰ্তাও প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :ULFA I killed yet another cader : আলফা(স্বা)ৰ শিবিৰত পুনৰ আন দুজন কেডাৰক মৃত্যুদণ্ড !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.