বৰপেটা, ১৪ জানুৱাৰী: বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হয় উৰুকা ৷ উৰুকাৰ পিছত শুকুৰবাৰে ভোগালী বিহুৰ পুৱা মেজিৰ জুইত সেৱা লয় অসমীয়াই ৷ পিছে শতিকা প্ৰাচীন সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ বহু সত্ৰত আজিহে পালন কৰা হৈছে মাঘ বিহুৰ উৰুকা (Bhogali Bihu celebration at Barpeta) ৷
আজি বৰপেটা, বহৰি, ভৱানীপুৰ, মৈৰামাৰা, হাউলী, সুন্দৰীদিয়া, পাটবাউসী, জনীয়া, গজিয়া, বাৰাদি, কেওটকুছি, মৌটুপুৰী আদি শতাধিক গাঁৱৰ সত্ৰবাসী ৰাইজে পালন কৰিছে ভেগালীৰ উৰুকা ৷ উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ টুপৰ চোতালত মেজি নিৰ্মাণ কৰা হয় ৷ বৰপেটা সত্ৰত উৰুকা উপলক্ষে গায়ন-বায়নে সত্ৰৰ মঠৰ চোতালত ঘোষা-কীৰ্তন আৰু ব্যাস-কীৰ্তন পৰিবেশন কৰে ৷ সত্ৰৰ হাটীসমূহত ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰে ডেকা-বুঢ়া সকলো ৷
পৰম্পৰা অনুসৰি বৰপেটাত বিৰিণা, নল খাগৰি, কহুৱা আদিৰে ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰা হয় ৷ মেজি অথবা ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াও আধুনিকতাক আদৰি লোৱা নাই সত্ৰবাসীয়ে ৷ ভোগালীৰ উৰুকাৰ মেজি বা ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰতো পৰম্পৰাকেই সাৱটি আছে সত্ৰবাসীয়ে (Bihu celebration with satriya tradition)৷
সত্ৰনগৰী বৰপেটাত সত্ৰীয়া পৰম্পৰা অনুসৰি পূণ্যমাহ হিচাপে মাঘ মাহতহে মেজি প্ৰজ্বলন কৰি অগ্নি সেৱা কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে ৷ পাঁচদিনীয়াকৈ পালন কৰা মাঘ বিহুৰ পৰম্পৰা অনুসৰি আজি উৰুকা পালন কৰি কাইলৈ পহিলা মাঘৰ দিনটোত মেজি প্ৰজ্বলনেৰে অগ্নিদেৱতাক সেৱা জনাব সত্ৰনগৰী বৰপেটাৰ লগতে জিলাখনৰ শতাধিক গাঁওবাসীয়ে ৷
সত্ৰীয়া পৰম্পৰা অনুসৰি 1 মাঘৰ পুৱা সত্ৰৰ ভকতসকলে বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলিত কৰাৰ পিছতেই সত্ৰনগৰীৰ হাটীসমূহত নিৰ্মাণ কৰা মেজিসমূহ প্ৰজ্বলিত কৰা হ’ব ৷ আনহাতে বৰপেটাত উৰুকাৰ ভোজভাতৰ লগতে বিশেষভাৱে জনপ্ৰিয় ভোজন হ’ল আলু ভজা ৷ বৰপেটাৰ স্থানীয় ভাষাত যাক কোৱা হয় গাতাৰ আলু ভাজা ৷ বৰপেটাত ভেলাঘৰ নিৰ্মাণৰ লগে লগে সেয়ে হাটীৰ যুৱকসকলে সন্ধিয়াৰ পৰাই আলু ভজাৰ কামত ব্যস্ত হৈ পৰে ৷
লগতে পঢ়ক: People celebrating Bhogali Bihu : মাজুলীত মাঘৰ উৎসাহ