ETV Bharat / state

ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখা বাহাল ৰখাৰ দাবী দল সংগঠনৰ

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শাখা উঠাই দিব খোজা কাৰ্যত উদ্বেগ প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হঠাকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰী সকলকো ৷

author img

By

Published : Aug 20, 2021, 5:54 PM IST

Pathsala news
ভট্টদেৱ বিশ্ববিদ্যালয়

পাঠশালা, 20 আগষ্ট : ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখা উঠাই দিব খোজা কাৰ্যত উদ্বেগ প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হঠাকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰী সকলক ৷ ৰাজ্যত বৰ্তমান সময়ত মহাবিদ্যালয়-বিশ্ববিদ্যালয় সমূহত নামভৰ্তিক লৈ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷

ঠিক তেনে সময়ত বজালীৰ ঐতিহ্য মণ্ডিত পূৰ্ৱৰ বজালী মহাবিদ্যালয় বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাটো উঠাই দিয়াৰ যি সিদ্ধান্ত লৈছে তাকে সৰৱ হৈছে বজালীৰ দল-সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ।

ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখা বাহাল ৰখাৰ দাবী দল সংগঠনৰ

লগতে পঢ়ক : ছাগলী চুৰৰ বৃত্তিত অৱসৰ প্ৰাপ্ত সেনা জোৱান

অসমৰ শিক্ষা নগৰী হিচাপে পৰিচিত বজালী জিলাৰ পাঠশালা নগৰত সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত ১৯৫৫ চনত বজালী মহাবিদ্যালয় স্থাপিত হৈছিল । বজালীৰ ৰাইজক গৌৰৱান্বিত কৰা বজালী মহাবিদ্যালয় বৰ্তমান ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নত হৈছে ৷ এইবছৰ আকস্মিকভাৱে ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাৰ নামভৰ্তি নোহোৱাক লৈ কেইবা শ ছাত্ৰ-ছাত্ৰী সমস্যাত পৰিছে । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আইনত উল্লেখ থকা অনুসৰি পূৰ্ৱৰ বজালী মহাবিদ্যালয়ত বাহাল থকা উচ্চতৰ মাধ্যমিক শাখাটো কোনো চৰ্ততে কৰ্তন কৰিৱ নোৱাৰিৱ ৷

কিন্তু ইয়াৰ পিছতো কি ভিত্তিত এই শাখাটো হঠাতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৰ্তন কৰিব খুজিছে সেয়া অতি চিন্তনীয় বিষয় বুলি ব্যক্ত কৰে দল-সংগঠন সমূহে ৷

উল্লেখ্য সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যিহেতু বিগত বছৰতকৈ অধিক উন্নত সেয়েহে উচ্চতৰ মাধ্যমিক শাখাত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে আসনৰ সমস্যা হোৱাৰ এক সম্ভাৱনা আহি পৰিছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কোনো ছাত্ৰ-ছাত্ৰীৰ যাতে শিক্ষাবৰ্ষ নষ্ট হ’ব নোৱাৰে তাৰ বাবে ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাটো বাহাল ৰখাৰ আহ্বান সংগঠন সমূহৰ ৷ লগতে আসন বৃদ্ধিৰ বাবেও শিক্ষামন্ত্ৰী ৰণোজ পেগুক দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰে ।

লগতে পঢ়ক : অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.