বৰপেটা, ২৭ ছেপ্টেম্বৰ : কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে সোমবাৰে সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়নে আহ্বান জনায় ভাৰত বন্ধৰ । এই বন্ধক সফল কৰি তুলিবলৈ ৰাজপথলৈ ওলাই আহে বহু সমৰ্থক । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বৰপেটাৰ সৰ্থেবাৰীতো ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় । ভাৰত বন্ধ সফল কৰিবলৈ ৰাজপথলৈ ওলাই অহা চি আই টি ইউ আৰু নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৩১ গৰাকী নেতা-কৰ্মীক আটক কৰে সৰ্থেবাৰী আৰক্ষীয়ে ।

আটক কৰি সমৰ্থককেইগৰাকীক সৰ্থেবাৰী আৰক্ষী থানালৈ নিয়া হয় । উল্লেখ্য যে, তিনিখন কৃষি আইন বাতিল কৰা, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ কৰা, বিদ্যুত সংশোধনী বিল বাতিল কৰা, কৃষিজাত সামগ্ৰীৰ নিম্নতম সহায়ক মূল্য নিৰ্ধাৰণ কৰাৰ দাবীৰে সোমবাৰে সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়নে ভাৰত বন্ধৰ আহ্বান জনাইছে ।
এই বন্ধৰ প্ৰতি নিখিল ভাৰত কৃষক সভাকে ধৰি কেইবাটাও সংগঠনে সমৰ্থন আগবঢ়াইছে । ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা হয় । এই ভাৰত বন্ধৰ আহ্বান জনাই সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়নে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলক সমৰ্থন আগবঢ়ায় ।
লগতে পঢ়ক : বগীবিলত টোলগেট স্থাপনৰ বিৰুদ্ধে আছুৰ ব্যাপক প্ৰতিবাদ