বৰপেটাৰোড, ২২নবেম্বেৰ: বৰপেটাৰোডৰ বিশিষ্ট নাগৰিক তথা বি এইচ কলেজৰ বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাম অৱতাৰ মাহেশ্বৰীৰ (৭৪) নিজগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় (professor Ram Avatar Maheshwari passes away) ৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম বি এ বিভাগৰ অতিথি অধ্যাপকৰ উপৰি বি এইচ কলেজ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, বৰপেটাৰোডৰ ৰাধাকৃষ্ণ ঠাকুৰবাৰীৰ প্ৰাক্তন সভাপতি হিচাপে সেৱা আগবঢ়াইছিল (MBA Department of Gauhati University) ৷
তেওঁ মৃত্যুৰ আগমুহুৰ্তলৈকে বৰপেটাৰোডৰ সমীপৰ দ্ৰোণাচাৰ্য্য একাডেমি পৰিচালনা সমিতিৰ সভাপতি, বৰপেটাৰোডৰ শংকৰদেৱ শিশু নিকেতনৰ সভাপতিৰ দায়িত্বত আছিল ৷ বৰপেটাৰোডৰ লগতে অসম তথা অইন ৰাজ্যৰ বিভিন্ন সামাজিক কামৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত মাহেশ্বৰীৰ মৃত্যুত বৰপেটাৰোডত শোকৰ ছাঁ পৰিছে ৷ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মাহেশ্বৰীৰ মৃত্যু সমাজৰ বাবে এক বৃহৎ ক্ষতি বুলি কয় (Minister Ranjit Kumar Das pays respects) ৷ ৰাম অৱতাৰ মাহেশ্বৰেৰ মৃত্যুত স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰেও গভীৰ শোক প্ৰকাশ কৰিছে ৷ বি এইচ কলেজ শিক্ষক গোটেৰ লগতে অধ্যক্ষ ভূষণ চন্দ্ৰ পাঠকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁ যে কেৱল ভাল শিক্ষক আছিল তেনে নহয়,এগৰাকী ভাল সমাজ সংগঠকো আছিল ৷
ইপিনে, সোমবাৰে বিয়লি প্ৰয়াত মাহেশ্বৰীৰ বাসগৃহৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় (Tribute Ceremony at Barpetaroad) ৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বৰপেটাৰোডৰ পৌৰপতি ৰাজেশ সৰকাৰ, দ্ৰোণাচাৰ্য্য একাডেমি, বৰপেটাৰোড সাহিত্য সভা, বৰপেটাৰোড মাৰোৱাৰী যুৱ মঞ্চ, বৰপেটাৰোড লায়নছ ক্লাব, বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্থা, বৰপেটাৰোড মাৰোৱাৰী সমাজ, ৱাৰ্ড কমিছনাৰ সুৰেশ চৌধুৰী, বৰপেটাৰোড প্ৰেছ ক্লাব, বৰপেটাৰোড আছু,বৰপেটাৰোড ৰাস মন্দিৰ পৰিচালনা সমিতি, বি এই কলেজৰ পৰিয়াল বৰ্গ, বৰপেটাৰোড শাখা সত্ৰ, কাতি বিহু উদযাপন সমিতি, শংকৰ মাধৱ নাম দল, বৰপেটাৰোড জ্যেষ্ঠ নাগৰিক সন্মিলন, বৰপেটাৰোড মাৰোৱাৰী মহিলা সন্মিলন, বৰপেটা জিলা আক্ৰাছু আদি বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে (organisations expressed grief over death) ৷
উক্ত অনুষ্ঠানত বৰপেটা জিলা বিহু শিল্পী সংস্থা, জি এল চি কলেজ, বৰপেটা জিলা কংগ্ৰেছ, চিপিআইএমৰ বৰপেটাৰোড লোকেল কমিটী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটাৰোড আঞ্চলিক সমিতি,বৰপেটাৰোড বঙালী যুৱ ছাত্ৰ ফেডাৰেছন, বৰপেটাৰোড ডেভেলপমেণ্ট ফ'ৰাম, বৰপেটাৰোড নাট্য সন্মিলন, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি, ৰঙ্গালয়, বৰপেটাৰোড ক্লাব, প্ৰগতি সংঘ, বৰপেটা নগৰ মণ্ডল বিজেপি, বৃহত্তৰ বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি, বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতন, গোপীনাথ বৰদলৈ হাইস্কুলৰ প্ৰতিনিধি আদিয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আনহাতে, বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুত বৰপেটাৰোডৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহে সোমবাৰে দিনৰ দুই বজাৰ পৰা বিয়লি চাৰি বজালৈ বন্ধ পালন কৰে ৷
লগতে পঢ়ক:Lachit Borphukan birth anniversary: ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ