জনীয়া,26জুনঃ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ কুৰিছু বান্ধৰ পানী এৰি দিয়াৰ ফলত বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ কুৰিৰো অধিক গাঁও বেঁকী নৈৰ বাঢ়নি পানীত জলমগ্ন হৈ পৰিছে। বেঁকী নৈৰ সংহাৰী বানে বুৰাই পেলাইছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী, সুঁতিৰপাথাৰ,শওপুৰ,গুইলেজা,লাচাংগা,চনপুৰা,কাদং,ডাউকমাৰী আদি গাঁৱকে ধৰি বৃহত্তৰ কলগাছিয়া অঞ্চলৰ বাঘবৰ ৰাজহ চক্ৰৰ কুৰিখন গাঁও।
ইফালে বেঁকী নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে গাঁও কেইখনৰ প্ৰতিটো পৰিয়ালৰ গৃহত পানী সোমোৱাত আতংকিত হৈ পৰিছে পৰিয়াল সমুহ। যাৰ বাবে অন্ন আৰু বাসস্থানৰ বাবে হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰিব লগীয়া হৈছে। ইফালে বানপানীৰ ফলত ওখ ভেঁটি নথকাত পশুধন সমূহ নিজ ঘৰতে জলবন্দী হৈ পৰা পৰিলক্ষিত হৈছে খাৰবাল্লী গাঁওৰ ৰাইজৰ। আনহাতে এই ক্ষেত্ৰত বৰপেটা জিলা আৰু কলগাছিয়া স্থানীয় প্ৰশাসনে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে ৷ উল্লেখযোগ্য বৰ্তমান সমগ্ৰ অসমত দ্বিতীয়তো বানে সংহাৰীৰূপ ধাৰণ কৰিছে 6 লাখতকৈয়ো অধিক লোক বানৰ কবলত পৰাৰ বিপৰিতে 15 জন লোকৰ এই পৰ্যন্ত বানৰ ফলত মৃত্যু মুখত পৰিছে ৷
লগতে পঢ়কঃ বিপদ সীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ