ETV Bharat / state

Beki river erosion turns serious: কৰাৰকুৰৰ ৰাজ্যিক ঘাইপথত জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা

বেকী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত খহনীয়াই অঞ্চলটোত অধিক ভয়াবহ ৰূপ লৈছে ৷ জনীয়া-কলগাছিয়া সংযোগী বৃহৎ দলংখনলৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই ৷ জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলোৱাৰ সমান্তৰালভাৱে ৰাজ্যিক ঘাইপথটোৰে গধুৰ যান-বাহন চলাচল বন্ধ কৰিছে প্ৰশাসনৰ লোকে ।

author img

By

Published : Jul 16, 2023, 9:51 AM IST

Beki river erosion turns serious at Jania in Barpeta
কৰাৰকুৰৰ ৰাজ্যিক ঘাইপথত জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা

বৰপেটা, ১৬ জুলাই: বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ কেবাটাও স্থানত হঠাৎ উদ্বেগজনক ৰূপ ধাৰণ কৰিছে খহনীয়াই । বিশেষকৈ সমষ্টিটোৰ কৰাৰকুৰত দুই নম্বৰ ৰাজ্যিক ঘাইপথত বেকী নদীৰ ওপৰত থকা জনীয়া-কলগাছিয়া সংযোগী বৃহৎ দলংখনৰ সমীপতে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰ ফলত বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জলসম্পদ বিভাগে খহনীয়া বন্ধ কৰিবলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে ।

বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা বেকী নদীৰ জলপৃষ্ঠ বিগত 3 দিনত বৃদ্ধি হোৱাৰ ফলত খহনীয়াই অঞ্চলটোত অধিক ভয়াবহ ৰূপ লৈছে ৷ প্ৰশাসনৰ লোকে জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলোৱাৰ লগতে ৰাস্তাটোৰ ওপৰত হেঁচা নপৰিবলৈ গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিছে । জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়াৰ দলে নিয়মীয়াকৈ পথটোৰ ওপৰত দৃষ্টি ৰাখিছে । ইফালে শুকুৰবাৰৰ নিশাৰ পৰা নদীৰ প্ৰৱল সোঁতে দলং আৰু পথৰ সংযাগ ভাগৰ দাঁতিৰ বৃহৎ অংশ খহাই নিয়ে ।

ইতিমধ্যে নদীখনে এই ৰাজ্যিক ঘাইপথটোৰ দীঘলীয়া এক অংশ যোৱা ডেৰ বছৰৰ ভিতৰত খহাই নিছে । ফলত অতি নিয়ন্ত্ৰিত ৰূপত মূল পথটোৰ কাষেৰেহে ৰাজ্যিক ঘাইপথটোৰ উক্ত অংশত যাতায়াত চলি আহিছে । শনিবাৰে খহনীয়াৰ কবলত পৰা অংশটো পৰিদৰ্শন কৰে বৰপেটা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া নন্দিতা দত্তই ৷ খহনীয়াৰ ফলত অতি স্পৰ্শকাতৰ অৱস্থাত থকা পথটোৰ মেৰামতি বিশ্ব বেংকৰ এক প্ৰকল্পৰ জৰিয়তে কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । লগতে এই প্ৰকল্প ৰূপায়ণৰ জৰিয়তে বেকী নদীখনৰ খহনীয়া ৰোধ কৰিব পৰা যাব বুলি প্ৰকল্প বিষয়াগৰাকীয়ে আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক: Erosion at Kalgachia:বেঁকীৰ খহনীয়াত জাহ গৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.