বৰপেটাৰোড 11 মে' : বৰপেটাৰোডৰ নিচুকাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মোগল আলী নামৰ ৩০ বছৰীয়া এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷ যুৱকজনৰ ঘৰ নিচুকাত ৷ সোমবাৰে বিয়লি AS 15AC 0899 নম্বৰৰ শাকপাচলি কঢ়িওৱা ভান গাড়ীয়ে চাইকেল আৰোহীজনক পিছ ফালৰ পৰা খুন্দিওৱাৰ ফলত যুৱকজন গুৰুতৰ ভাৱে আহত হয় ৷
![BARPETAROAD ACCIDENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7159651_accident.jpg)
আহত যুৱকজনক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ চিকিৎসাল পোৱাৰ কিছু সময়ৰ পাছতেই মেডিকেল কলেজতেই যুৱকজনৰ মৃত্যু হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা চালক কাচেম আলীক বৰপেটাৰোড আৰক্ষীয়ে আটক কৰি ভানখনো জব্দ কৰিছে ৷