বৰপেটাৰোড,25 ফেব্ৰুৱাৰী : মঙলবাৰে নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা প্ৰায় 15 কিলো গাঞ্জা উদ্ধাৰ কৰা হয় ৷ এক গোপন সুত্ৰৰ ভিত্তিত ৰঙিয়া ডিভিজনৰ সহকাৰী উপ পৰিদৰ্শক ৰমাকান্ত বৈশ্যৰ নেতৃত্বত আৰ পি এফৰ দল এটিয়ে নামনিমুৱা কামৰূপ এক্সপ্ৰেছত অভিযান চলায় ৷ অভিযানত ৰে'লখনৰ বেটাৰীৰ বাকচত ভৰাই 15 কিলো গাঞ্জা কঢ়িয়াই লৈ গৈ থকা অৱস্থাত উক্ত গাঞ্জাখিনি টিহু ৰেল ষ্টেচনত জব্দ কৰিবলৈ সক্ষম হয় ৰে'ল আৰক্ষীয়ে ৷ কিন্তু গাঞ্জা সৰবৰাহকাৰীক ৰে'ল আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহয় ৷ জব্দ কৰা গাঞ্জাখিনি ডিমাপুৰৰ পৰা কঢ়িয়াই অনা বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ বৰ্তমান ৰে'ল আৰক্ষীৰ দলটোৱে জব্দ কৰা গাঞ্জাখিনি বৰপেটাৰোড ৰেল আৰক্ষীক গতাই দিয়ে ৷
লগতে পঢ়ক: পুনৰ চীনত কৰ'না ভাইৰাছত মৃত্যু 71 গৰাকী লোকৰ