বৰপেটা, ১৪ ছেপ্টেম্বৰঃ বৰপেটা চহৰৰ যুৱতী নিৰ্যাতনৰ ঘটনাৰ মুল অভিযুক্ত হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ ৷ কাছাৰৰ বাশকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গোপন তথ্যৰ ভিত্তিতে বাশকান্দিত অভিযান চলাই বৃহস্পতিবাৰে নিশা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতী নিৰ্যাতনকাৰী হাফিজুৰ ৰহমানক ৷ বৰপেটা আজাদ নগৰৰ হাফিজুৰ ৰহমান নামৰ যুৱকজনে বুধবাৰে বৰপেটাৰ V2 শ্বপিংমলত কৰ্মৰত এগৰাকী যুৱতীক চলাইছিল শাৰিৰীক নিৰ্যাতন ৷ এই ঘটনাৰ পিচৰ পৰা পলাতক হৈ থকা হাফিজুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিচতেই আজি বৰপেটাৰ আদালতত হাজিৰ কৰায় আৰক্ষীয়ে ৷
উল্লেখ্য যে,দীৰ্ঘদিন প্ৰেমৰ প্ৰস্তাৱেৰে যুৱতীগৰাকীক আতিশয্য চলাই আহিছিল হাফিজুৰ ৰহমান নামৰ যুৱকজনে ৷ কিন্তু যুৱতী গৰাকীয়ে প্ৰেম প্ৰত্যাখান কৰাৰ পাচতে 11 চেপ্তেম্বৰ বুধবাৰে হাফিজুৰে V2 শ্বপিংমলত যুৱতী গৰাকীক শাৰীৰিক নিৰ্যাতন চলাই যুৱকজনে ৷ এই ঘটনাৰ পাচতে চাঞ্চল্যৰ সৃষ্টি হৈছিল বৰপেটা চহৰত ৷ আনকি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বৰপেটা চহৰত ৰাম সেনাই উলিয়াইছিল প্ৰতিবাদী সমদল ৷ আনহাতে, অভিযুক্ত হাফিজুৰক গ্ৰেপ্তাৰ কৰা ঘটনাক বিভিন্ন সংগঠনে আদৰণি জনোৱাৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাই দল-সংগঠনে ৷