বৰপেটা, ১০ ডিচেম্বৰ : বৰপেটা জিলাৰ মাজদিয়াৰ বাবুল আলী নামৰ এগৰাকী গাড়ীচালকৰ মৃতদেহ বৃহস্পতিবাৰে সৰুপেটাত উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় । কোনো দুৰ্বৃত্তই বাবুল আলীক হত্যা কৰি বাবুল আলীয়ে চলোৱা AS - 25 CC- 8396 নম্বৰৰ বলেৰ' পিক আপ ভানখন লৈ উধাও হয় ।
ঘটনাৰ বিৱৰণী অনুসৰি, মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত মাজদিয়া ৰিজাৰ্ভৰ হাচেন আলীৰ পুত্ৰ গাড়ীচালক বাবুল আলী (২৫)ক বুধবাৰে পুৱা এক অজ্ঞাত নম্বৰেৰে এগৰাকী অচিনাকি লোকে ফোন কৰি ভৱানীপুৰৰ পৰা খংৰালৈ ধান কঢ়িয়াব লাগে বুলি কৈছিল । বিয়লি পুনৰ একেটা নম্বৰেৰে ফোন কৰাত বাবুল আলীয়ে বিয়লি ৩-৩০ মান বজাত গাড়ী লৈ ভৱানীপুৰলৈ গৈছিল । সন্ধিয়া ৮ বজালৈকে পত্নীয়ে বাবুলৰ লগত যোগাযোগ কৰিছিল যদিও নিশা বেছি হোৱাত পৰিয়ালৰ লোক শুই পৰে । পুৱতি নিশালৈ বাবুল আলী উভতি নহাত পত্নী চাহিদা খাতুনে ফোন কৰে যদিও ফোনৰ চুইচ অফ পায় । দিনৰ দুই মান বজাত ফেচবুকযোগে সৰুপেটাৰ নাগিনীকুৰৰ ওচৰৰ পৰা সৰুপেটা আৰক্ষীয়ে এটি মৃতদেহ উদ্ধাৰ কৰা বুলি জানিব পাৰি পৰিয়ালৰ লোকে মাজদিয়া আৰক্ষীৰ লগত যোগাযোগ কৰে ৷
![barpeta-suspected-murder](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9836146_brptaa.jpg)
পৰৱৰ্তী সময়ত মৃতদেহটো বাবুল আলীৰ বুলি নিশ্চিত হয় পৰিয়ালৰ লোক । মৃতদেহটো বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত মৃতদেহ পৰিয়ালৰ লোকে চমজি লয় । বিয়লি মৃতদেহ ঘৰলৈ আহি পোৱাত ঘৰখনত এক অবৰ্ণনীয় কান্দোনৰ ৰোল উঠে । পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি প্ৰশাসনক উচিত তদন্ত কৰি পৰিয়ালক ন্যায় দিবলৈ আহ্বান জনায়।
মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পবিত্ৰ কলিতাই এটি আৰক্ষীৰ দলে লৈ বাবুল আলীৰ গৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বাতৰি লিখা পৰলৈকে বাবুল আলীয়ে চলোৱা বাহনখনৰ কোনো সম্ভেদ উলিয়াব পৰা নাই আৰক্ষীয়ে ।
লগতে পঢ়ক: নদীপৰীয়া অঞ্চলত অব্যাহত আছে গৰাখহনীয়া