ETV Bharat / state

ভাল খবৰ ৷ কৰ'নাত আক্ৰান্ত হোৱা নাই বৰপেটাৰ যুৱক

author img

By

Published : Mar 22, 2020, 12:45 PM IST

শেহতীয়া খবৰ অনুসৰি যুৱকজনৰ শৰীৰত ধৰা পৰা নাই কৰ'না ভাইৰাচৰ অৱস্থিতি ৷ তেজৰ নমুনা পৰীক্ষাৰ পিচতে যুৱকজন কৰ'নাত আক্ৰান্ত হোৱা নাই বুলি জানিব পৰা গৈছে ৷

BARPETA SUSPECTED CARONA
কৰ'নাত আক্ৰান্ত হোৱা নাই বৰপেটাৰ যুৱক

বৰপেটা ২২ মাৰ্চ: কৰ'নাত আক্ৰান্ত হোৱা নাই বৰপেটাৰ যুৱক ৷ কৰ'ণাত আক্ৰান্তৰ সন্দেহত এজন যুৱকক শুক্ৰবাৰে ভৰ্তি কৰা হৈছিল বৰপেটা মেডিকেল কলেজ হাস্পাতালত ৷ পঞ্জাৱৰ এখন ডেইৰী ফাৰ্মত কৰ্মৰত যুৱকজন কিছুদিন পূৰ্বে বৰপেটাৰ নিজ গৃহলৈ উভতি অহাৰ পিচতে তিনিদিন ধৰি ভূগি আছিল জ্বৰ কাহকে ধৰি শাৰিৰীক অসুস্থতাত ৷

BARPETA SUSPECTED CARONA
কৰ'নাত আক্ৰান্ত হোৱা নাই বৰপেটাৰ যুৱক
ঘটনাৰ পাছতে যুৱকজনক বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ আছুতীয়া কক্ষত ভৰ্তি কৰি নিৰীক্ষনত ৰখা হৈছিল ৷ আনহাতে যুৱকজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰা হৈছিল জি এম চি এইচলৈ ৷ কিন্তু শেহতীয়া খবৰ অনুসৰি যুৱকজনৰ শৰীৰত ধৰা পৰা নাই কৰ'না ভাইৰাছৰ অৱস্থিতি ৷ তেজৰ নমুনা পৰীক্ষাৰ পিচতে যুৱকজন কৰ'নাত আক্ৰান্ত হোৱা নাই বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.