ETV Bharat / state

কা বাতিলৰ দাবীত সৰভোগত চিপিআই(এম)ৰ বাইক ৰেলী - SORBHUG CPI M

বাইক ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিবাদকাৰীয়ে মাস্ক পৰিধান কৰা পৰিলক্ষিত হয় ৷ জানিব পৰা মতে বাইক ৰেলীৰ দলটোৱে সমগ্ৰ সৰভোগ সমষ্টি পৰিভ্ৰমণ কৰে ৷

সৰভোগত চিপিআই(এম)ৰ বাইক ৰেলী
সৰভোগত চিপিআই(এম)ৰ বাইক ৰেলী
author img

By

Published : Sep 11, 2020, 5:36 PM IST

বৰপেটা, ১১ ছেপ্টেম্বৰঃ কা বাতিলৰ দাবীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ দাসৰ গৃহসমষ্টি সৰভোগত চিপিআই(এম)ৰ বৃহৎ বাইক ৰেলী শুকুৰবাৰে ৷ জাতিধ্বংসী কা আইন বাতিল কৰক,সকলো কা বিৰোধী আন্দোলনকাৰীক বিনাচৰ্তে মুকলি দিয়ক,EIA-20 আইন বাতিল কৰাৰ দাবীত সৰভোগত চিপিআই(এম)দলে কেইবাশতাধিক কৰ্মীয়ে বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

কা বাতিলৰ দাবীত সৰভোগত চিপিআই(এম)ৰ বাইক ৰেলী

এই বাইক ৰেলীটোৰ নেতৃত্ব দিয়ে সংগঠনটোৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰে ৷ আজিৰ এই বাইক ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিবাদকাৰীয়ে মাস্ক পৰিধান কৰা পৰিলক্ষিত হয় ৷ জানিব পৰা মতে বাইক ৰেলীৰ দলটোৱে সমগ্ৰ সৰভোগ সমষ্টি পৰিভ্ৰমণ কৰি কা আৰু EIA-20 আইন বাতিল কৰাৰ দাবীত জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰে ৷

লগতে চাওকঃ গোৱালপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ লুণ্ঠনঃ বঞ্চিত প্ৰকৃত হিতাধিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.