বৰপেটা, 22 এপ্ৰিল : ৰাজ্যজুৰি কৰ’ণা মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ কৰ’ণাসৃষ্ট এই ভয়াৱহ পৰিস্থিতিৰ বাবে বুধবাৰে বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ 7 ব’হাগৰ থিয়নাম অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ জানিব পৰা মতে, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে সত্ৰৰ তিনিওটা থুলৰ সীমিত সংখ্যক ভকতহে এই নামভাগিত উপস্থিত থাকে ৷ ভকতসকলে দালানৰ সন্মুখভাগত মাত্ৰ এটা থিয়নাম গাই সাত ব'হাগৰ নামভাগিৰ সামৰণি মাৰে ৷
উল্লেখ্য যে, থান বন্দনী ঘোষাৰে মঠৰ চোতালত সামৰণি ঘোষা গায় ব’হাগৰ দোমাহীৰ নামৰ পৰম্পৰা ৰক্ষা কৰা হয় ৷ কৰ’ণাৰ সজাগতাৰ বাবে প্ৰতিজন ভকতে মাস্ক পিন্ধি, সামাজিক দূৰত্ব বজাই ৰাখি নামত অংশ লয় ৷ বিগত বৰ্ষতো কৰ’ণাৰ ফলত সত্ৰৰ তলা বন্ধ থকাত সাত ব'হাগৰ থিয়নাম বাতিল কৰা হৈছিল আৰু প্ৰায় 12 জনমান ভকতে মঠৰ চোতালত সামৰণি ঘোষা গায় পৰম্পৰা ৰক্ষা কৰিছিল ৷ আনহাতে, এই বছৰ কৰ’ণাসৃষ্ট পৰিস্থিতিক লৈ চৰকাৰে ঘোষণা কৰা ক’ভিড প্ৰট'কল নিজে মানি চলাৰ লগতে ৰাইজকো সকলোবোৰ চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই আহ্বান জনায় ৷
লগতে পঢ়ক : বকোৰ ১০৯ সংখ্যক আঞ্চলিক সুঁৱৰী উৎসৱ বাতিল