বৰপেটা, 31 আগষ্ট: বৰপেটা জিলাৰ বহু কেইটা গুৰুত্বপূৰ্ণ এলেকা নৱ-গঠিত বজালী জিলাৰ সৈতে চামিল কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ৰমে তীব্ৰতৰ হৈছে আন্দোলন তথা প্ৰতিবাদী সভা ৷ এইবাৰ বৰপেটা সত্ৰই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে মন্ত্ৰী ৰণজিৎ দাসক বৰপেটাত প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটা সত্ৰই ৷ ইতিমধ্যেই বৰপেটাৰ সত্ৰসমূহৰ শাখালৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ৷
বৰপেটা সত্ৰত অনুষ্ঠিত হোৱা এক প্ৰতিবাদী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ প্ৰতিবাদী সমাৱেশত অংশ লৈ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে কয় যে এনে এখন সভাত অংশগ্ৰহণ কৰিব লগা হোৱাটোৱেই আমাৰ বাবে দুৰ্ভাগ্যৰ কথা ৷ এনেদৰে সমবেত হ’ব লাগিব বুলিও কামনা নাছিলো ৷
ঘৰখনৰ অভিভাৱকগৰাকীয়েই যদি ঘৰখনৰ অংশ এটা কাঢ়ি নিব বিচাৰে তেন্তে তেনে কাৰ্যৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা ল’বই লাগিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক উদ্দেশ্যি ক্ষোভ উজাৰে ডেকাসত্ৰীয়া গৌতম পাঠকে ৷
বৰপেটা সত্ৰৰ আশীৰ্বাদ যদি বিচাৰে, বৰপেটা সত্ৰৰ ভকত-আইসকলৰ যদি তেখেতৰ ভয় আছে তেন্তে ৰণজিৎ কুমাৰ দাসে সিদ্ধান্ত সলনি কৰিব বুলিও আশাবাদী ডেকাসত্ৰীয়াগৰাকী ৷ ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত সত্ৰৰ সন্মান ৰক্ষা কৰিব বুলি আশাবাদী ডেকাসত্ৰীয়াগৰাকী ৷
ইফালে বৰপেটা জিলাৰ অংগ কৰ্তন কাৰ্যৰ সিদ্ধান্ত সলনি নকৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক বৰপেটাত বৰ্জন কৰাৰ সিদ্ধান্ত ৰাইজৰ ৷ এই সম্পৰ্কে বৰপেটা সত্ৰসমূহৰ সভালৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হয় ৷
ধাৰাবাহিক প্ৰতিবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷
লগতে পঢ়ক: Congress VS BJP: মই মুখ খুলিলে কংগ্ৰেছৰ গাৰ কাপোৰ নোহোৱা হ’ব; পীযুষ হাজৰীকা