ETV Bharat / state

জন্মাষ্টমীত খোলা থাকিল বৰপেটাৰোডৰ ডনবস্কো স্কুল, উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 19, 2022, 5:32 PM IST

চৰকাৰী বন্ধৰ দিনতো ব্যক্তিগত খণ্ডৰ খ্ৰীষ্টিয়ান মিছনেৰী স্কুল খোলা ৰাখি পাঠদান চলাই থকাৰ প্ৰতিবাদত দল-সংগঠনৰ প্ৰতিনিধিয়ে বিদ্যালয়খনত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টিৰ কৰে (Barpeta Road Donbosco school remained open in Janmastami) ৷

Barpeta
Barpeta

বৰপেটাৰোড, 19 আগষ্ট : শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে শুকুৰবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হোৱাৰ পাছতো বৰপেটাৰোডৰ খ্ৰীষ্টিয়ান মিছনেৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলা ৰাখি পাঠদান কাৰ্য চলাই থকাত জাঙুৰ খাই উঠিছে আছুকে ধৰি বিভিন্ন দল-সংগঠন (AASU condemned opening Missionary school in Janmastmi in Barpeta) ৷

যিসময়ত অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি, সভ্যতা ৰক্ষা কৰাৰ কথা আহি পৰিছে, তেনে সময়তে চৰকাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ পাছতো বৰপেটাৰোডৰ ডনবস্কো স্কুল খোলা ৰাখি (Barpeta Road Donbosco school remained open in Janmastami) পাঠদান চলোৱাৰ খবৰ লাভ কৰি আছুসহ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে বিদ্যালয়খনত উপস্থিত হয় ।

চৰকাৰী বন্ধৰ দিনতো ব্যক্তিগত খণ্ডৰ খ্ৰীষ্টিয়ান মিছনেৰী স্কুল খোলা ৰাখি পাঠদান চলাই থকাৰ প্ৰতিবাদত দল-সংগঠনৰ প্ৰতিনিধিয়ে বিদ্যালয়খনত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টিৰ কৰে ৷

পাছত বৰপেটাৰোডৰ ডনবস্কো স্কুলৰ অধ্যক্ষ ফাদাৰ এম চি জৰ্জক (Barpeta Road Bonbosco school father MC Jorje) দল-সংগঠনৰ প্ৰতিনিধিয়ে বিচাৰে যদিও অধ্যক্ষগৰাকীয়ে পিছ দুৱাৰেদি পলায়ন কৰা বুলিও অভিযোগ তুলিছে আছুসহ বিভিন্ন দল-সংগঠনে ৷ অৱশ্যে পাছত বৰপেটাৰোড আৰক্ষীয়ে খ্ৰীষ্টিয়ান মিছনেৰী বিদ্যালয়খনত উপস্থিত হৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷

উল্লেখ্য, আজি পৱিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী ৷ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত পালন কৰা হয় জন্মাষ্টমী (Sri Krishna Janmashtami Festival 2022) ৷ ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী । জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ ঐতিহাসিক সত্ৰ-নামঘৰসমূহ বৃহস্পতিবাৰৰ নিশাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে । আনহাতে, আজি পুৱাৰে পৰা সত্ৰ-নামঘৰসমূহত নাম প্ৰসংগ লৈছে ভকত-বৈষ্ণৱে ।

লগতে পঢ়ক :কলিয়াবৰত উলহ মালহেৰে আয়োজন শ্ৰীকৃষ্ণ জন্মাষ্টমী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.