বৰপেটা, 11 জানুৱাৰী: আফিং খেতিৰ বিৰুদ্ধে অভিযান চলাই সোমবাৰে বৰপেটা আৰক্ষীয়ে বাঘবৰৰ চৰ অঞ্চলত বহু বিঘা আফিং খেতি ধ্বংস কৰে ৷ বৰপেটা জিলাৰ বাঘবৰৰ চৰাঞ্চলত বিঘাই বিঘাই আফিং খেতি কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ পাছতে বাঘবৰ চৰত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই খেতি সমূহ ধ্বংস কৰে ৷
জানিব পৰা মতে নাৰ্ক'টিক্স ক্ন্ট্ৰল ব্যুৰ'ৱে আফিঙৰ খেতি বুলি নিশ্চিতি প্ৰদান কৰাৰ পাচতে বৰপেটাৰ ডি এচ পি মদন কলিতাৰ লগতে সীমান্ত শাখাৰ ডিএছপি ভূৱনেশ্বৰ ডেকা আৰু বাঘবৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এক বিশাল বাহিনী উপস্থিত হৈ চৰ অঞ্চলটোত আফিং খেতি ধ্বংসৰ অভিযান চলায় ৷ আফিং খেতি ধ্বংসৰ এই অভিযানত নাৰ্ক'টিক্স ক্ন্ট্ৰল ব্যুৰ'ৰ দুই বিষয়া চন্দ্ৰশেখৰ চৌহান আৰু কৌশিক সৰকাৰো উপস্থিত থাকে ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে চলোৱা এই অভিযানত আৰক্ষীয়ে প্ৰায় 20 বিঘাতকৈও অধিক আফিঙৰ খেতি ধ্বংস কৰে ৷
উল্লেখ্য যে বৰপেটাৰ কাছুমাৰা,আলোপতি আৰু বাঘবৰ থানাৰ আৰক্ষীৰ সহযোগত সোমবাৰে পুৱাৰ পৰাই আফিং খেতি ধ্বংসৰ অভিযান চলাৰ বিপৰীতে আৰক্ষী বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই চৰ অঞ্চলটোৰ পুৰুষ সকলে ঘৰৰ পৰা পলায়ন কৰে ৷
কাৰ নেতৃত্বত চৰ অঞ্চলটোত আফিঙৰ খেতি চলিছিল সেই সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ দি ডিএছপি মদন কলিতাই নিষিদ্ধ আফিঙৰ খেতি কৰা মাটিৰ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ আফিঙৰ খেতি ধ্বংস কৰাৰ লগতে খেতিত ব্যৱহৃত কেবাটাও চেল' পাৱাৰ পাম্প আৰক্ষীয়ে জব্দ কৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন: দুজনক আটক