ETV Bharat / state

ব্ৰাউন চুগাৰসহ বৰপেটা আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Sep 22, 2020, 1:38 PM IST

বৰপেটা আৰক্ষীৰ জালত পৰিল নিষিদ্ধ ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী মইনুদ্দিন আলিৰ পৰা ড্ৰাগছ ভৰ্তি ৫ টা কন্টেইনাৰো জব্দ ৷ ধৃত মইনুদ্দিনে দীৰ্ঘদিনৰ পৰা ঘৰতে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ ৷ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান অব্যাহত ৷

নিষিদ্ধ ব্ৰাউন চুগাৰসহ বৰপেটা আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

বৰপেটা, 22 চেপ্তেম্বৰ: ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাত পুনৰ আৰক্ষীৰ অভিযান ৷ নিষিদ্ধ ব্ৰাউন চুগাৰসহ বৰপেটা আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন বৰ আগদিয়া গাঁৱৰ মইনুদ্দিন আলি বুলি জানিব পৰা গৈছে ৷ ধৃত মইনুদ্দিন আলিৰ পৰা ড্ৰাগছ ভৰ্তি ৫ টা কন্টেইনাৰো আৰক্ষীয়ে জব্দ কৰিহলৈ সক্ষম হয় ৷ জানিব পৰা মতে বৰ আগদিয়া গাঁৱৰ আজগৰ আলীৰ ২৪ বছৰীয়া পুত্ৰ মইনুদ্দিন আলিয়ে দীৰ্ঘদিনৰ পৰা ঘৰতে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷

ড্ৰাগছৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান

বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসে গ্ৰাহকৰ ৰূপত গৈ ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ সময়তে আন এটা ড্ৰাগছ ব্যৱসায়ী পলাই সাৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাই অহা ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷ চলিত মাহটোত বৰপেটা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত টেবলেট আৰু ঔষধসহ কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে পলায়ন কৰা ড্ৰাগছ ব্যৱসায়ীজনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত থকা বুলি সদৰি কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: 6 বছৰে পৰিত্যক্ত কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.