ETV Bharat / state

Fitness programme in Barpeta : শৰীৰ চৰ্চাৰে বছৰটোক আদৰাৰ আয়োজন বৰপেটাৰ প্ৰশাসনৰ - Barpeta Police and media person launches fitness programme

ব্যতিক্ৰমী ৰূপত বৰপেটাৰ সংবাদকৰ্মী আৰু আৰক্ষী প্ৰশাসন (Fitness programme at Barpeta) ৷ 2022 চনটো যাতে সকলোৰে বাবে ভাল হয়, তাৰ বাবে সকলোৰে দেহ মন সুস্থ কৰি ৰখাৰ উদ্দেশ্যে শুকুৰবাৰে সংবাদকৰ্মী আৰু বৰপেটা আৰক্ষীয়ে আৰম্ভ কৰিছে এই শৰীৰ চৰ্চা (Fitness programme by media person and police) ৷

fitness-programme-by-barpeta-reporter-and-police-at-barpeta
শৰীৰ চৰ্চাৰে বছৰটোক আদৰাৰ আয়োজন বৰপেটাৰ প্ৰশাসনৰ
author img

By

Published : Dec 31, 2021, 4:15 PM IST

বৰপেটা, 31 ডিচেম্বৰ : স্বাস্থ্য ভালে থাকিলেহে মন ভালে থাকে । দেহাই বেহা । এই কথাকে সাৰোগত কৰি নৱবৰ্ষৰ প্ৰাকক্ষণত বৰপেটা আৰক্ষী প্ৰশাসন আৰু সংবাদকৰ্মীসকলে হাতত লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা ৷ 2022 চনটো যাতে সকলোৰে বাবে ভাল হয় তাৰ বাবে সকলোৰে দেহ মন সুস্থ কৰি ৰখাৰ বাবে হাতত লোৱা হৈছে এই ব্যতিক্ৰমী প্ৰচেষ্টা ৷ শুকুৰবাৰৰ পৰা বৰপেটা আৰক্ষী আৰু সংবাদ কৰ্মী সকলে আৰম্ভ কৰিছে শৰীৰ চৰ্চা (Barpeta Police and media person launches fitness programme) ৷

31 ডিচেম্বৰৰ পুৱা 6 বজাত বৰপেটা আৰক্ষী চাউনীৰ পৰা আৰম্ভ হৈছে এই শৰীৰ চৰ্চাৰ অনুষ্ঠান ৷ এটা সুস্থ নিৰোগী শৰীৰতহে সুস্থ মনৰ সৃষ্টি হয় ৷ এগৰাকী ব্যক্তিৰ শৰীৰ আৰু মন স্বাস্থ্যবান হ'লেহে সুস্বাস্থ্যৰ গৰাকী বুলি ক’ব পাৰি ৷ সেয়ে বৰ্তমান সময়ত সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ উপৰিও শাৰীৰিক ব্যায়ামৰ ক্ৰিয়া-কলাপৰ প্ৰয়োজন ৷ সেয়েহে বছৰটোৰ অন্তিম দিনৰ পৰাই বৰপেটা আৰক্ষী আৰু সংবাদকৰ্মী সকলে নিয়মীয়াকৈ শৰীৰ চৰ্চা আৰম্ভ কৰিছে ৷

শৰীৰ চৰ্চাৰে বছৰটোক আদৰাৰ আয়োজন বৰপেটাৰ প্ৰশাসনৰ

বৰপেটা আৰক্ষী চাউনীৰ পৰা শীৰ্ষ বিষয়াকে ধৰি আৰক্ষীৰ কৰ্মী আৰু সংবাদ কৰ্মী সকলে বৰপেটা চহৰৰ মাজেৰে প্ৰায় ৮ কিঃমিঃ দূৰত্ব দৌৰি আৰু খোজ কাঢ়ি আৰম্ভ কৰে এই শৰীৰ চৰ্চা ৷ ইয়াৰোপৰি বৰপেটা আৰক্ষী চাউনীৰ ইন্দোৰ ষ্টেজিয়ামত আৰক্ষীৰ কৰ্মী আৰু সংবাদকৰ্মী সকলে শৰীৰ চৰ্চা কৰে ৷

লগতে পঢ়ক : ১৫ মাৰ্চৰ পৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.