বৰপেটাৰোড,18 মে’: বৰপেটাৰ নৱনিযুক্ত উপায়ুক্ত তেজ প্ৰসাদ ভূশালে ক’ভিড সম্পৰ্কে বুজ ল’বলৈ সোমবাৰে উপস্থিত হয় বৰপেটাৰোডত ৷ উপায়ুক্ত গৰাকীয়ে বৰপেটাৰোডৰ গ্ৰাম্য চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰি ক’ভিড আক্ৰান্ত ৰোগীক অনতিপলমে চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷
চিকিৎসকৰ সৈতে মত বিনিময়ৰ অন্তত উপায়ুক্ত গৰাকীয়ে সাংবাদিকক ‘সম্প্ৰতি কৰ’ণা মহামাৰীৰ এই জটিল সন্ধিক্ষণত আমি সকলোৱে যুদ্ধ কৰিবলগীয়া হৈছে, কৰ’ণাৰ বিৰুদ্ধে যুদ্ধ কৰা আমি সকলোৱে সম্প্ৰতি একো একোজন সৈনিক’ বুলি কয় ৷ সেয়ে এগৰাকী সৈনিক হিচাপে বৰপেটা অসামৰিক চিকিৎসালয় বৰপেটাৰোডৰ গ্ৰাম্য চিকিৎসালয়, বৰপেটাৰোড ৰে’ল ষ্টেচনকে ধৰি বিভিন্ন ঠাইত উপস্থিত হৈ ৰাইজে কি অসুবিধাৰ সন্মুখীন হৈছে আৰু সেই অসুবিধাসমূহ কিদৰে সমাধান কৰিব পাৰি তাৰ বুজ লয় ৷
আনহাতে, উপায়ুক্ত গৰাকীয়ে সকলোকে মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ সোমবাৰে কৰ’ণা প্ৰতিষেধক আহিছে বুলি উল্লেখ কৰি পৰৱৰ্তী তিনি-চাৰি দিনৰ ভিতৰত প্ৰতিষেধকৰ সমস্যা সমাধান হ’ব বুলিও জানিবলৈ দিয়ে বৰপেটাৰ উপায়ুক্ত গৰাকীয়ে ৷
লগতে পঢ়ক : সংগীতৰ জৰিয়তে ক'ভিড সজাগতা সৃষ্টি ডিমা হাছাও প্ৰশাসনৰ