ETV Bharat / state

বৰপেটাত বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে ব্যাহত বিশুদ্ধ খোৱা পানীৰ যোগান - barpeta municipality

বৰপেটা পৌৰসভাই পৰিশোধ কৰা নাই বিদ্যুতৰ বিল ৷ ফলস্বৰূপে ২৩ দিন ধৰি বৰপেটা চহৰত নাই বিশুদ্ধ খোৱা পানীৰ যোগান ৷

barpeta municipality problem
ব্যাহত বিশুদ্ধ খোৱা পানীৰ যোগান
author img

By

Published : Mar 18, 2020, 11:43 AM IST

বৰপেটা, ১৮ মাৰ্চঃবৰপেটা চহৰত বন্ধ বিশুদ্ধ খোৱা পানীৰ যোগান ৷ বিগত ২৩ দিন ধৰি বৰপেটা চহৰৰ ৱাৰ্ডসমুহত বন্ধ হৈ আছে পানীযোগান ব্যৱস্থা ৷ পৌৰসভাই বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবেই পানী উত্তোলন কেন্দ্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে বিদ্যুৎ বিভাগে আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকাৰ ফলত চহৰবাসী বঞ্চিত হবলগা হৈছে খোৱা পানীৰ পৰা ৷ ফলত পানীৰ বাবে হাহাকাৰ অৱস্থা বৰপেটা চহৰত ৷

বৰপেটাত ব্যাহত বিশুদ্ধ খোৱা পানীৰ যোগান

বৰপেটা বিলৰতাৰীস্থিত পৌৰসভাৰ পানী যোগান আচনিৰ জৰিয়তে বৰপেটা চহৰৰ কেবাটাও ৱাৰ্ডত যোগান ধৰা হয় বিশুদ্ধ খোৱাপানী ৷ পিছে পানী উত্তোলন যন্ত্ৰৰ বিদ্যুৎ সংযোগ কৰ্তনৰ ফলত ২৫ ফেব্ৰুৱাৰীৰ পৰা বন্ধ হৈ পৰিছে পানীৰ যোগান ৷ পানীৰ যোগান বন্ধ থকাৰ ফলত বহু পৰিয়ালে পানী ক্ৰয় কৰি চলি আছে যদিও বহু পৰিয়ালৰ নাই পানী ক্ৰয়ৰ সামৰ্থ ৷ তেনে পৰিয়ালসমূহে পানীৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ ইপিনে বৰপেটা চহৰৰ পানীত বিষাক্ত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰাৰ ফলত পৌৰসভাই যোগান ধৰা বিশুদ্ধ খোৱাপানীৰ ওপৰতে নিৰ্ভৰশীল হ'ব লগা হৈছে বৰপেটা চহৰবাসী ৷ তেনেক্ষেত্ৰত ২৩ দিন ধৰি পানী যোগান বন্ধ সম্পৰ্কত জিলা প্ৰশাসনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে বৰপেটাবাসী ৰাইজে ৷ উল্লেখ্য যে,বৰপেটা পৌৰসভাৰ অকৰ্মন্যতাৰ বাবেই চহৰখনত প্ৰায়েই বন্ধ হৈ থাকে বিশুদ্ধ খোৱাপানীৰ যোগান ৷
লগতে পঢ়কঃধুবুৰী ৰেলৱে ষ্টেচনত নাই মেডিকেল টিমঃ কৰ'ণা সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.