ETV Bharat / state

বৰপেটাত পৌৰ নিকায় নিৰ্বাচনৰ ব্যাপক কুচকাৱাজ - Barpeta Municipality Board Election Preparation assam etv bharat news

বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৰাজ্যৰ পৌৰ নিকায়ৰ নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব বুলি প্ৰকাশ কৰে ৷ আগন্তুক পৌৰসভাৰ নিৰ্বাচনত এই মিত্ৰতাক লৈ ইতিমধ্যে অগপ আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ মাজত অব্যাহত আছে অনানুষ্ঠানিক আলোচনা ৷

Barpeta Municipality Board Election Preparation assam etv bharat news
বৰপেটা পৌৰসভা
author img

By

Published : Feb 22, 2020, 1:39 PM IST

বৰপেটা,২২ ফেব্ৰুৱাৰীঃ বিটিআৰ নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে পৌৰ নিকায় সমুহৰ নিৰ্বাচন ৷ ৰাজ্যখনত বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ শাসনৰ প্ৰতি লক্ষ্য ৰাখি পৌৰ নিকায় সমূহৰ নিৰ্বাচনত এই মিত্ৰতাৰ স্থিতি সন্দৰ্ভত এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷ ইতিমধ্যে বৰপেটাত এই প্ৰস্তুতি তুংগত উঠিছে ৷

বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৰাজ্যৰ পৌৰ নিকায়ৰ নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব বুলি প্ৰকাশ কৰে ৷ আগন্তুক পৌৰসভাৰ নিৰ্বাচনত এই মিত্ৰতাক লৈ ইতিমধ্যে অগপ আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ মাজত অব্যাহত আছে অনানুষ্ঠানিক আলোচনা ৷ অগপে ইতিমধ্যে বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত সেউজ সংকেত প্ৰদান কৰিছে ৷ কিয়নো আগন্তুক সময়ত পঞ্চায়ত নিৰ্বাচনৰ পুনৰাবৃত্তি বিচৰা নাই অগপ দলটোৱে ৷

অগপ-বিজেপিৰ মিত্ৰতাৰ সম্ভাৱনা

ইপিনে, ৰাজ্যখনত চৰকাৰৰ বিৰুদ্ধে চলি থকা তীব্ৰ কা বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত ভোট বিভাজন ৰোধৰ বাবে অগপ-বিজেপিয়ে আসন বুজাবুজিৰে পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা দেখা দিছে ৷ বৰপেটাৰ অগপ বিধায়কগৰাকীয়ে অগপ-বিজেপিৰ মাজত ভোট বিভাজন ৰোধৰ বাবে পৌৰ নিৰ্বাচনত দুয়োটা দলে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷

২০২১ৰ নিৰ্বাচনত যাতে ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হয় তাৰ বাবে পৌৰ নিৰ্বাচনত দুয়োটা দলে আসন বুজাবুজিৰে ৰাজ্যৰ পৌৰসভা দখল কৰিব বুলি দাবী কৰে ৷ অৱশ্যে এই মুহুৰ্তলৈ দুয়োটা দলৰ মাজত আনুষ্ঠানিক বুজাবুজি হোৱা নাই যদিয়ো পৌৰ নিৰ্বাচনত দল দুটাৰ মাজত মিত্ৰতাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে অগপৰ বিধায়কগৰাকীয়ে ৷ ইতিমধ্যে ৰাজ্যৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৌৰ নিকায় সমূহৰ আসন সংৰক্ষণ প্ৰক্ৰিয়া চলি আছে ৷ বৰপেটা পৌৰসভাৰ ২২ খন আসনৰ ভিতৰত ১১ খন আসন মহিলাৰ বাবে আৰু ২খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে ৷

লগতে চাওকঃপৰিবহন ক্ষেত্ৰক নতুন মাত্ৰা প্ৰদানৰ দিশে ৰাজ্যিৰ পৰিবহন নিগম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.