বৰপেটা, ২৬ মাৰ্চঃ তলাবন্ধৰ কৱলত দেশ ৷ স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ জনশূন্য ৰাজপথ ৷ বন্ধ দোকান বজাৰ ৷ তাৰমাজতো বৰপেটা জিলাৰ একাংশ অঞ্চলত দেখা পোৱা নগ’ল তলাবন্ধৰ কোনো প্ৰভাৱ ৷ বহু অঞ্চলত বিৰাজ কৰিছে স্বাভাৱিক অৱস্থা ৷ জিলা প্ৰশাসনৰ নিষেধাজ্ঞা সত্বেও মাছ বিক্ৰেতাই মুকলিকৈ বিক্ৰী কৰিছে মাছ ৷
আনহাতে, ইয়াৰ সমান্তৰালকৈ পূৰ্বৰ দৰেই চেলুনলৈ আহিছে সাধাৰণ লোক ৷ কৰ'ণা ভাইৰাছ সম্পৰ্কে মানুহৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলোৱা আমছু নেতাকেই ওলোতাই ভাবুকি উদ্ধত যুৱকৰ ৷ তাৰমাজতেই আমছুৱে সংখ্যালঘু অঞ্চলৰ দোকান, বজাৰসমুহ বন্ধৰ উদ্যোগ গ্ৰহণ কৰাৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক তলা বন্ধৰ সময়ছোৱাত ঘৰতেই থাকিবলৈ আহ্বান জনাইছে আমছু নেতা মনিৰুজ জামানে ৷
লগতে পঢ়ক-পৰিবহণ বিষয়া গৌতম দাসৰ সজাগতা অভিযান