বৰপেটা, 5 আগষ্ট : তাঁতশালত এগৰাকী খেলুৱৈ ৷ ঘৰখনৰ সকলো কাম-বনৰ মাজতে নিজকে ব্যস্ত ৰখা অনিমা দাস নামৰ মহিলাগৰাকী আছিল এসময়ৰ কাবাডীৰ দক্ষ খেলুৱৈ ৷ বৰপেটাৰ হাউলীৰ মৈৰামাৰা গাঁৱৰ সাধাৰণ যেন লগা অনিমা দাসে এসময়ত অসমৰ হৈ ভাৰতৰ বিভিন্ন প্ৰান্তত কাবাডী খেলত অংশ লোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খেলত অসমৰ হৈ খেলি অৰ্জন কৰিছিল ৰাণাৰ্চ আপ খিতাপ ৷
এসময়ত কাবাডী ফিল্ডত দপদপাই থকা প্ৰাক্তন খেলুৱৈ অনিমা দাস এতিয়া সাধাৰণ গৃহিণী ৷ তথাপিও তেওঁৰ দুচকুত আছে নীৰৱে মৰহি যাব ধৰা ক্ৰীড়া প্ৰতিভাবোৰক উলিয়াই অনাৰ দুৰ্বাৰ হেঁপাহ ৷ প্ৰাক্তন কাবাডী খেলুৱৈ গৰাকীয়ে এতিয়াও বিচাৰে গাঁৱে-ভূঞে লুকাই থকা প্ৰতিভাবোৰক বিচাৰি উলিয়াই আনিবলৈ ৷ তাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে প্ৰাক্তন কাবাডী খেলুৱৈগৰাকীয়ে ৷
হিমা দাস বা লাভলীনা বৰগোঁহাইৰ দৰে গাঁৱৰ পৰা গৈ উজ্বলি উঠা ক্ৰীড়া প্ৰতিভাবোৰৰ বাবে অসমত এতিয়া ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিছে ৷ তাৰ বাবে চৰকাৰে গঢ় দিব লাগিব উপযুক্ত পৰিৱেশ ৷ প্ৰয়োজন হ’লে অনিমা দাসৰ দৰে প্ৰাক্তন খেলুৱৈসকলক সংগঠিত কৰি গাঁৱে-গাঁৱে প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিলে যিকোনো ধৰণে এতিয়াও সহায় কৰিবলৈ আগ্ৰহী অনিমা দাস নামৰ প্ৰাক্তন খেলুৱৈগৰাকী ৷
পূৰ্বতে ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ বাবে যাবলৈও চৰকাৰৰ সহযোগ তেনেকৈ নাছিল বুলি আক্ষেপ কৰে খেলুৱৈগৰাকীয়ে ৷ ফলত নিজে খৰচ কৰিহে খেলত অংশ ল’বলগীয়া হৈছিল ৷ যাৰ বাবে ক্ৰীড়াৰ সপোন অপূৰ্ণ হৈয়ে ৰ'ল খেলুৱৈগৰাকীৰ ৷

অৱশ্যে বৰ্তমান চৰকাৰৰ সদিচ্ছা বৃদ্ধি পাইছে বুলিও মন্তব্য কৰিলে খেলুৱৈগৰাকীয়ে ৷ অসমৰ হৈ খেলি অসমক পদক দিবলৈ সক্ষম হোৱা কাবাডী খেলুৱৈ অনিমা দাসে কোনোদিনে চৰকাৰী স্বীকৃতি বা কোনো ধৰণৰ সাহায্য লাভ কৰিবলৈ সক্ষম নহ'ল ৷ তেওঁৰ আশা অনাগত সময়ত চৰকাৰে ক্ৰীড়া পেঞ্চন বা এককালীন সাহায্যৰে তেওঁক সন্মান জনাব ৷
লগতে পঢ়ক: ৯ আগষ্টত গুৱাহাটীত ৰঙা দলিচাত ভৰি দিব লাভলীনা বৰগোঁহায়ে