ETV Bharat / state

বৰপেটাত পুনৰ ভয়ংকৰ বীমা কেলেংকাৰী

মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ দি আৰক্ষীৰ জালত চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলাম ৷

মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ দি আৰক্ষীৰ জালত চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলাম
author img

By

Published : Sep 11, 2019, 2:55 AM IST

বৰপেটা, 11 ছেপ্তেম্বৰ: বৰপেটাৰ ৰাজ্য কপোৱা ৫ শ কোটি টকাৰ বীমা কেলেংকাৰীৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই জিলাখনত পুনৰ সংঘটিত হৈছে এক বীমা কেলেংকাৰী কাণ্ড ৷ বৰপেটাৰ পালহাজীৰ মোজাম্মিল হক নামৰ এজন যুৱকৰ মৃত্যুৰ ভুৱা প্ৰমানপত্ৰ প্ৰদান কৰি আৰক্ষীৰ জালত পৰিল চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলাম ৷ সোমবাৰে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিৰ নেতৃত্বত বৰপেটা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে চিকিৎসকজনক ৷ চিকিৎসকজনে প্ৰদান ভুৱা মৃত্যুৰ প্ৰমাণ পত্ৰৰে মোজাম্মিল হকৰ পৰিয়ালে ১৬ লাখ টকাৰ বীমাৰ ধন উলিওৱাৰ পাছত পোহৰলৈ আহিল এই বৃহৎ জালিয়াতিৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত চিকিৎসক নুৰুল ইছলামৰ বিৰূদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি/৪২০/১০৬/৪০৯/৪৬৮/৪৭১ ধাৰা অধীনত ১৬১৯/১৯ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে চিকিৎসকজনক দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷

বৰপেটাত পুনৰ ভয়ংকৰ বীমা কেলেংকাৰী

উল্লেখযোগ্য যে কিছুদিন আগতে ৰাজ্যখনত সংঘটিত হোৱা পাঁচ শ কোটি টকাৰ বীমা কেলেংকাৰীৰ সৈতে জড়িত বৰপেটা মেডিকেল কলেজৰ এজন চিকিৎসককে ধৰি মুঠ দুজনকৈ চিকিৎসকক গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ৷ তাৰোপৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ তালিকাত বীমা কোম্পানীৰ শীৰ্ষ পদাধিকাৰীৰ পৰা আৰম্ভ কৰি বীমা বিষয়া, চিকিৎসাকৰ্মী, গাওবুঢ়া, বীমা কোম্পানীৰ এজেন্ট, ইনভেষ্টিগেটৰও আছে ৷ তাৰ পাছতো আকৌ নতুনকৈ বীমা কেলেংকাৰী আৰম্ভ হোৱাত সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Intro:
বৰপেটা, ১০ ছেপ্টেম্বৰঃ বৰপেটাত পুনৰ সংঘটিত হৈছে বীমা কেলেংকাৰী ৷ ৰাজ্য কপোৱা ৫ শ কোটি টকাৰ বীমা কেলেংকাৰীৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই বৰপেটাত পুনৰ সংঘটিত হৈছে বীমা কেলেংকাৰী ৷ বীমা কেলেংকাৰীৰ সৈতে জৰিত হৈ এইবাৰ আৰক্ষীৰ জালত পৰিল চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলাম ৷ Body:বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিৰ নেতৃত্বত সোমবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসকজনক ৷ এই ঘটনাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰদানৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্য বিষয়াগৰাকীক ৷ বৰপেটাৰ পালহাজীৰ মোজাম্মিল হক নামৰ যুৱক এজনৰ মৃত্যুৰ ভূৱা প্ৰমানপত্ৰ প্ৰদান কৰিছিল চিকিৎসকজনে ৷ যুৱকজনৰ মৃত্যুৰ ভূৱা প্ৰমান পত্ৰৰে বীমা কোম্পানীৰ পৰা পৰিয়ালৰ লোকে উলিয়াইছিল ১৬ লাখ টকাৰ বীমাৰ ধন ৷ ইয়াৰ পিচতে পোহৰলৈ আহিছিল চিকিৎসকজনৰ এই জালিয়াতি ৷ ডাঃ নুৰুল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি/৪২০/১০৬/৪০৯/৪৬৮/৪৭১ ধাৰা অধীনত ১৬১৯/১৯ নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ ইপিনে আৰক্ষীয়ে আজি চিকিৎসকগৰাকীক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিচত আদালতে দুদিনৰ আৰক্ষী জিম্মাত দিছে চিকিৎসকজনক ৷
ইপিনে ৰাজ্যখনত সংঘটিত হোৱা পাঁচ শ কোটি টকাৰ বীমা কেলেংকাৰীটোৰ সৈতে জড়িত থকাৰ অভিযোগত বৰপেটা মেডিকেল কলেজ হস্পিটালত কৰ্মৰত এজন চিকিৎসকৰ সৈতে মুঠ দুজনকৈ চিকিৎসকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে বীমা কোম্পানীৰ শীৰ্ষ পদাধিকাৰীৰ পৰা আৰম্ভ কৰি বীমা বিষয়া, চিকিৎসাকৰ্মী, গাওবুঢ়া, বীমা কোম্পানীৰ এজেন্ট, ইনভেষ্টিগেটৰকে আদি কৰি ১৯ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছেআৰক্ষীয়ে ৷
শেহতীয়াভাৱে বৰপেটাত পুনৰ আৰম্ভ হোনা বীমা কেলেংকাৰীক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৰপেটাত ৷

Conclusion:বাইটঃ অতিৰিক্ত আৰক্ষী অধীক্ষক,
বাইটঃ ডাঃ নুৰুল ইছলাম ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.