ETV Bharat / state

ৰাজ্যৰ তৃতীয়খন পুৰণি হাইস্কুলৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন - কৰ‘ণা মহামাৰী

ব্ৰিটিছৰ শাসনৰ সময়ত ১৮৬৫ চনত বৰপেটাৰ কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিৰ প্ৰচেষ্টাত স্থাপন হৈছিল এখন বিদ্যালয় ৷ ইংৰাজৰ সময়ত অসমত স্থাপন কৰা বিদ্যালয় সমুহৰ ভিতৰত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাজ্যখনৰ ভিতৰতে অতিকৈ পুৰণি তথা তৃতীয়খন বিদ্যালয় হিচাপে জনাজাত ৷

barpeta-govt-high-school-going-to-celebrate-their-150th-anniversary
ৰাজ্যৰ তৃতীয়খন পুৰণি হাইস্কুলৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন
author img

By

Published : Jan 31, 2021, 5:29 PM IST

বৰপেটা, ৩১ জানুৱাৰীঃ ব্ৰিটিছৰ শাসনৰ সময়ত ১৮৬৫ চনত বৰপেটাৰ কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিৰ প্ৰচেষ্টাত স্থাপন হৈছিল এখন বিদ্যালয় ৷ ইংৰাজৰ সময়ত অসমত স্থাপন কৰা বিদ্যালয় সমুহৰ ভিতৰত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাজ্যখনৰ ভিতৰতে অতিকৈ পুৰণি তথা তৃতীয়খন বিদ্যালয় হিচাপে জনাজাত ৷ ঐতিহ্যমণ্ডিত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱময় ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিবলৈ আগবাঢ়িছে ৷
২০২০ চনত পালন কৰিবলগীয়া ডেৰশ বছৰীয়া জয়ন্তী কৰ‘ণাৰ বাবে স্থগিত ৰখাৰ পিচত বছৰজোৰা কাৰ্যসূচীৰে দেওবাৰৰ পৰা অনুষ্টুপীয়াকৈ আৰম্ভ হৈছে ডেৰশ বছৰীয়া জয়ন্তী ৷ সত্ৰনগৰী বৰপেটাৰ ঐতিহ্য বহন কৰি অহা বিদ্যালয়খনৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে একত্ৰিত হৈছে বিদ্যালয়খনৰ একালৰ বহু কেইগৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰী ৷ দেওবাৰে পুৱা পতাকা উত্তোলনেৰে ডেৰশ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভৰ পিচতে অনুষ্ঠিত হয় মিলন সমাৰোহ ৷ সমাৰোহত অংশগ্ৰহন কৰি ন-পুৰণি ছাত্ৰ ছাত্ৰী সকলে কথা, গীত মাতেৰে সোঁৱৰণ কৰে ছাত্ৰ জীৱনৰ মধুৰ স্মৃতি ৷

ৰাজ্যৰ তৃতীয়খন পুৰণি হাইস্কুলৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন

১৯৬৫ চনত স্থাপন হোৱা বিদ্যালয়খন ১৯৭১ চনৰ পৰা নিয়মীয়া হাইস্কুল হিচাপে স্বীকৃতি লাভ কৰাৰ পিচত ১৯৬১ চনত উচ্চতৰ শাখালৈ উন্নীত কৰা হৈছিল ৷ বৰপেটাৰ গৌৰৱ এই বিদ্যালয়খনতে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ দৰে বৰেণ্য ব্যক্তিয়ে শিক্ষকতা কৰাৰ লগতে এইখন বিদ্যালয়ৰে ছাত্ৰ আছিল প্ৰসন্নলাল চৌধুৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, বীৰেশ্বৰ বৰুৱা, ড৹ নিৰ্মল কুমাৰ চৌধুৰী, ড৹ গজেন্দ্ৰনাথ তালুকদাৰ, জিতেন্দ্ৰ নাথ দাস, হেমাংগলাল দাস, গৌৰাংগলাল দাস আদিৰ দৰে অনেক তীক্ষ্ণধী আৰু বৰেণ্য কবি সাহিত্যিক অভিযন্তা, শিক্ষাবিদ, বিষয়া ৷ ৰাজ্যখনৰ ভিতৰতে অতিকে পুৰণি বিদ্যালয় হিচাপে চিহ্নিত বিদ্যালয়খনক চৰকাৰে 'হেৰিটেজ স্কুল' হিচাপে চিহ্নিত কৰি বিদ্যালয়খনৰ অসম টাইপৰ পুৰণি ভৱনতো সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছে ৷

কেৱল বৰপেটাৰেই নহয় সমগ্ৰ অসমকে শিক্ষাৰ আলোকেৰে আলোকিত কৰি তোলাৰ লগতে দেশৰ সমাজ সংস্কৃতি, ৰাজনীতি, প্ৰশাসনীয় সেৱাৰ পৰা বৈদেশিক সেৱালৈকে দপদপাই থকা বিভিন্নজনে শিক্ষা গ্ৰহণ কৰি যোৱা বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই গৌৰৱময় যাত্ৰা অব্যাহত থকাৰ কামনা কৰিছে সকলোৱে ৷

লগতে পঢ়ক: পাঁচ ৰাজ্যত একেসময়তে নিৰ্বাচন : কিন্তু বিজেপিৰ গুৰুত্ব অসমত কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.