ETV Bharat / state

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ ! - etv bharat assam

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ ৷ ভাড়াঘৰত চলিছে বৰপেটাৰ আটাইকেইখন ন্যায়াধিকৰণ ৷ ন্যায়াধিকৰণত নাই পৰ্যাপ্ত সুবিধা, আনকি ন্যায়াধীশৰ বাবেও নাই আছুতীয়া কোঠা ৷ উকীল সন্থা, আছুৰ ক্ষোভ ৷

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ!
author img

By

Published : Jun 14, 2019, 2:32 PM IST

বৰপেটা, ১৪ জুনঃ কিদৰে চলিছে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণ ৷ বিদেশী চিনাক্তকৰণৰ বাবে স্থাপন কৰা বিদেশী ন্যায়াধিকৰণসমূহৰ অৱস্থা কেনেকুৱা ৷ কি পৰিস্থিতিত চলি আছে বৰপেটাৰ 11 খনকৈ বিদেশী ন্যায়াধিকৰণ ৷ চাৰিটা দশক ধৰি বাংলাদেশী সমস্যাই উত্তাল কৰি ৰাখিছে ৰাজ্যখন ৷ বাংলাদেশী সমস্যাক লৈয়েই খিলঞ্জীয়া অসমীয়াৰ মনত সৃষ্টি হোৱা সন্দেহ, শংকা, সংশয়ৰ যেন ওৰ নপৰিব কাহানিও ৷ কাৰণ বাংলাদেশী সমস্যা সমাধানৰ বাবে কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰৰেই হওক, কোনো এখন চৰকাৰৰেই যেন নাই তিলমানো সদিচ্ছা ৷ বিদেশী চিনাক্তকৰণৰ বাবে স্থাপন কৰা বিদেশী ন্যায়াধীকৰণ সমূহৰ তথৈবচ অৱস্থাই উমান দিয়ে প্ৰকৃততে সমস্যাতো সমাধানৰ প্ৰতি কিমান আগ্ৰহী চৰকাৰ ৷ বৰপেটাত আছে 11 খনকৈ বিদেশী ন্যায়াধিকৰণ ৷ পিছে 11 খনকৈ ন্যায়াধিকৰণৰ এখনৰো নাই নিজা ভৱন ৷ জৰাজীৰ্ণ, প্ৰয়োজনীয় আন্তঃগাঠনি নথকা একোটা ঘৰতেই কোনোমতে চলি আছে ন্যায়াধিকৰণসমূহ ৷ কৰবাত দহ-বাৰ ফুটৰ দুটা কোঠালীৰ ঘৰ, কৰবাত পঞ্চাছ ফুট বহল একেটা কোঠাতেই ওঠৰ-বিশগৰাকী লোকে কাম কৰিবলগীয়া হৈ আহিছে ৷ এশ এবুৰি সমস্যাৰ মাজত কোনোমতে চলি আছে ৰাজ্যখনৰ প্ৰধান সমস্যাৰূপে চিহ্নিত বাংলাদেশী নাগৰিকৰ সমস্যাটোৰ সমাধানৰ মুল চাবিকাঠি বিদেশী ন্যায়াধিকৰণসমূহ ৷ বৰপেটাৰ কোনো এখন ন্যায়াধিকৰণতে নাই প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী ৷ আনকি শুনানিত অংশ ল'বলৈ অহা লোকসকলৰ বহাৰ সুবিধা নোহোৱাৰ লগতে, ন্যায়াধিকৰণসমূহত ঠিয় হ'বলৈকো ঠাইৰ অভাৱ ৷ এশ এটা সমস্যাৰ মাজত বৰপেটাত এনেকৈয়ে কোনোমতে চলি আছে 11 খনকৈ ন্যায়াধিকৰণ ৷ ইপিনে বৰপেটাৰ বিদেশী ন্যায়াধিকৰণৰ সমস্যাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ বৰপেটা জিলা উকীল সন্থা আৰু বৰপেটা জিলা ছাত্ৰ সন্থাৰ ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ক’লে চৰকাৰৰ সদিচ্ছাহীনতাৰ কথা ৷ আনকি ন্যায়াধিকৰণসমূহৰ আন্তঃগাঠনি উন্নয়ন বা স্থায়ী ভৱন নিৰ্মাণৰ বাবে বাজেটত ধন ধাৰ্য নকৰা কথাটোকলৈয়ো অসন্তুষ্টি ব্যক্ত কৰিলে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ৷

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ!

একেদৰে বৰপেটা জিলা উকীল সন্থাৰ সভাপতি ধৰনীধৰ তালুকদাৰেও ক’লে বিদেশী ন্যায়াধিকৰণসমূহত চলি থকা অৱস্থাৰ কথা ৷ আনকি বহু অধিবক্তাই বিদেশী ন্যায়াধিকৰণত গৈ বহিবলৈ এখন চকীৰ অভাৱ হোৱাৰ কথাও ব্যক্ত কৰে অধিবক্তা গৰাকীয়ে ৷ ঘন্টাৰ পিচত ঘন্টা বোন্দাপৰ দি থকা বয়োজ্যেষ্ঠ অথবা দিব্যাংগসকলৰ বাবেও নাই কোনো আছুতীয়া সুবিধা ৷ আনহাতে, বিগত বহু বছৰ ধৰি হাজাৰটা সমস্যাৰ মাজত চলি থকা ন্যাযাধিকৰন সমূহৰ যি তথৈবচ অৱস্থা, তাকে দেখি ৰাজ্যত নতুনকৈ স্থাপন কৰিবলগীয়া দুশখন ন্যায়াধিকৰণৰ অৱস্থা কি হ'ব সেয়া নিশ্চয়কৈ লাখটকীয়া প্ৰশ্ন ৷

Slug:     as_bar_14june_foreigners_tribunal_vis+bite+photo_7203841                       

বৰপেটাত কিদৰে চলিছে বিদেশী ন্যায়াধিকৰণ ৷
ভাড়াঘৰত চলিছে বৰপেটাৰ আটাইকেইখন ন্যায়াধিকৰণ ৷
ন্যায়াধিকৰণত নাই পৰ্যাপ্ত সুবিধা, আনকি ন্যায়াধীশৰ বাবেও নাই আছুতীয়া কোঠা ৷
উকীল সন্থা, আছুৰ ক্ষোভ ৷৷

বৰপেটা, ১৪ জুনঃ কিদৰে চলিছে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণ সমুহ ৷ বিদেশী চিনাক্তকৰনৰ বাবে স্থাপন কৰা বিদেশী ন্যায়াধিকৰণসমুহৰ অৱস্থা কেনেকুৱা ৷ কি পৰিস্থিতিত চলি আছে বৰপেটাৰ ১১খনকৈ বিদেশী ন্যায়াধিকৰন ৷ 

চাৰিটা দশক ধৰি বাংলাদেশী সমস্যাই উত্তাল কৰি ৰাখিছে ৰাজ্যখন ৷ বাংলাদেশী সমস্যাক লৈয়েই খিলঞ্জীয়া অসমীয়াৰ মনত সৃষ্টি হোৱা সন্দেহ, শংকা, সংশয়ৰ যেন ওৰ নপৰিব কাহানিও ৷ কাৰণ বাংলাদেশী সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয়ই হওক বা ৰাজ্য চৰকাৰৰেই হওক, কোনো এখন চৰকাৰৰেই যেন নাই তিলমানো সদিচ্ছা ৷ বিদেশী চিনাক্তকৰনৰ বাবে স্থাপন কৰা বিদেশী ন্যায়াধীকৰন সমুহৰ তথৈবচ অৱস্থাই উমান দিয়ে প্ৰকৃততে সমস্যাতো সমাধানৰ প্ৰতি কিমান আগ্ৰহী চৰকাৰ ৷ বৰপেটাত আছে ১১ খনকৈ বিদেশী ন্যায়াধিকৰন ৷ পিছে ১১ খনকৈ ন্যায়াধিকৰনৰ এখনৰো নাই নিজা ভৱন ৷ জৰাজীৰ্ণ, প্ৰয়োজনীয় আন্তগাঠনি নথকা একোটা ঘৰতেই কোনোমতে চলি আছে ন্যায়াধীকৰণসমুহ ৷ কৰবাত দহ- বাৰ ফুটৰ দুটা কোঠালিৰ ঘৰ, কৰবাত পঞ্চাছ ফুট বহল একেটা কোঠাতেই ওঠৰ - বিশগৰাকী লোকে কাম কৰিবলগীয়া হৈ আহিছে ৷  এশ এবুৰি সমস্যাৰ মাজত কোনোমতে চলি আছে ৰাজ্যখনৰ প্ৰধান সমস্যাৰূপে চিহ্নিত বাংলাদেশী নাগৰিকৰ সমস্যাটোৰ সমাধানৰ মুল চাবিকাঠি বিদেশী ন্যায়াধিকৰনসমুহ ৷ বৰপেটাৰ কোনো এখন ন্যায়াধিকৰনতে নাই প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী ৷ আনকি শুনানীত অংশলবলৈ অহা লোকসকলৰ বহাৰ সুবিধাৰ কথা নকওৱে যেনিবা, ন্যায়াধিকৰনসমুহত ঠিয় হবলৈকো ঠাইৰ অভাৱ ৷ এশ এটা সমস্যাৰ মাজত বৰপেটাত এনেকৈয়ে কোনোমতে চলি আছে ১১খনকৈ ন্যায়াধিকৰন ৷ ইপিনে বৰপেটাৰ বিদেশী ন্যায়াধিকৰ সমস্যাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ বৰপেটা জিলা উকীল সন্থা আৰু বৰপেটা জিলা ছাত্ৰ সন্থাৰ ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে কলে চৰকাৰৰ সদিচ্ছাহীনতাৰ কথা ৷ আনকি ন্যায়াধিকৰনসমুহৰ আন্তঃগাঠনি উন্নয়ন বা স্থায়ী ভৱন নিৰ্মানৰ বাবে বাজেটত ধন ধাৰ্য নকৰা কথাটোকলৈয়ো অসন্তুষ্টি ব্যক্ত কৰিলে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ৷ 
একেদৰে বৰপেটা জিলা উকীল সন্থাৰ সভাপতি ধৰনীধৰ তালুকদাৰেও কলে বিদেশী ন্যায়াধিকৰনসমুহত চলি থকা অব্যস্থাৰ কথা ৷ আনকি বহু অধিবক্তাই বিদেশী ন্যায়াধিকৰনত গৈ  বহিবলৈ এখন চকীৰ অভাৱ হোৱাৰ কথাও ব্যক্ত কৰে অধিবক্তা গৰাকীয়ে ৷ ঘন্টাৰ পিচত ঘন্টা বোন্দাপৰ দি থকা বয়োজ্যেষ্ঠ অথবা দিবাংগসকলৰ বাবেও নাই কোনো আছুতীয়া সুবিধা ৷ ছাত্ৰসন্থাৰ নেতাগৰাকীৰ মন্তব্য-- দীৰ্ঘ বছৰ ধৰি হাজাৰটা সমস্যাৰ মাজত চলি থকা ন্যাযাধিকৰন সমুহৰ যি তথৈবচ অৱস্থা, তাকে দেখি ৰাজ্যত নতুনকৈ স্থাপন কৰিবলগীয়া দুশখন ন্যায়াধিকৰনৰ অৱস্থ কি হব সেয়া নিশ্চয়কৈ লাখটকীয়া প্ৰশ্ন ৷৷ 

বাইটঃ ধৰনীধৰ তালুকদাৰ, সভাপতি উকীল সন্থা ৷
বাইটঃ কৃষ্ণকান্ত দাস, সভাপতি, বৰপেটা জিলাছাত্ৰ সন্থা ৷
----- বাপকন দাস, বসপেটা 
ফুটেজ, বাইট আৰু ফটো ftp ত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.