বৰপেটা, ১৯ অক্টোবৰ : মাজত মাথোঁ আৰু দুটা দিন । আহি আছে পোহৰৰ উৎসৱ দীপাৱলী (Dipawali 2022) । আন্ধাৰ বিনাশী পোহৰৰ আৰাধনাৰ বাবে সাজু হৈছে সকলো । লগতে দীপাৱলীৰ ৰং, ৰূপ আৰু পোহৰেৰে আগন্তুক দিনবোৰ উজলাবলৈ সকলোৱে প্ৰস্তুতি চলাইছে । দীপাৱলী মানেই চাকি-বন্তি আৰু আতচবাজীৰ পোহাৰ ।
আনহাতে, আতচবাজী বুলি ক'লেই আকৌ ৰাজ্যত প্ৰথমতে মনত পৰে বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ কথা । একক আৰু অনন্য বৰপেটাৰ থলুৱা আতচবাজীয়ে সকলোকে আকৰ্ষিত কৰি আহিছে (Barpeta local fireworks industry) । বিগত দিনবোৰৰ দৰে এইবাৰৰ দীপাৱলীৰ বাবেও সাজু হৈ উঠিছে বৰপেটাৰ আতচবাজী ।
পোহৰৰ উৎসৱ দীপাৱলীৰ আকাশ পোহৰাবলৈ ইতিমধ্যে সাজু হৈ উঠিছে বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা আতচবাজী শিল্প ৷ বিভিন্ন ধৰণৰ আতচবাজী প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে থলুৱা কাৰুশিল্পীসকল ৷ দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰুশিল্পীসকলে দিনে-নিশাই ব্যস্ত হৈ আছে । ভিন্ন প্ৰকাৰৰ কলগছ, মতা, আছমান গোলা, চেৰেকী, মতাৰ গছ, চকলেট ব'ম, হাজাৰ পাট্টাকে আদি কৰি বিভিন্ন আতচবাজী প্ৰস্তুতৰ কামত ব্যসেত হৈ পৰিছে কাৰুশিল্পীসকল (Barpeta fire crackers industry ready for dipawali) ৷
হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ দীপাৱলী সমাগত ৷ দীপাৱলীৰ আকাশ ৰঙীণ কৰিবলৈ সাজু বৰপেটাৰ আতচবাজী শিল্পীসকল ৷ দীপাৱলীৰ বাবে আতচবাজী প্ৰস্তুতৰ কামত দিনে-নিশাই ব্যস্ত হৈ পৰিছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকল ৷ ২০১৯ চনৰ পৰাই কোভিড পৰিস্থিতিৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈ আহিছে আতচবাজী শিল্পৰ সৈতে জড়িত শিল্পীসকল (problems of Barpeta fire crackers industry) ৷
যোৱা দুটা বছৰ কৰোণাৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা থলুৱা আতচবাজী শিল্পীসকলে বহু আশাৰে এইবছৰ আতচবাজী প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে শিল্পীসকল ৷ ইপিনে শতিকা প্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পটোৰ সৈতে জড়িত শিল্পীসকলে মূলত পোহৰৰ প্ৰতি গুৰুত্ব দি আতচবাজী নিৰ্মাণ কৰে ৷ বিশেষকৈ বৰপেটাৰ আতচবাজী শিল্পীসকলে প্ৰস্তুত কৰা আতচবাজীত শব্দৰ পৰিৱৰ্তে পোহৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হয় ৷
বৰপেটাত প্ৰস্তুত কৰা আতচবাজীত কোনো বিশেষ ক্ষতিকাৰক বা প্ৰদূষণ হ'ব পৰা সামগ্ৰী ব্যৱহাৰ কৰা নহয় বুলি জানিবলৈ দিছে ৷ অৱশ্যে সামন্য পৰিমাণে প্ৰদূষণ হয় যদিও সেয়া সিমানখিন ক্ষতিকাৰক নহয় ৷ তাৰোপৰি বৰপেটাত থলুৱা শিল্পীসকলে হাতেৰে প্ৰস্তুত কৰা আৰু মাটিৰ খোলা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা আতচবাজী ফুটোৱাৰ সময়ত শিশু বা আন লোকৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা কম ৷ সেউজ দীপাৱলীৰ উদ্দেশ্যৰে বৰপেটাৰ থলুৱা শিল্পীসকলে প্ৰস্তুত কৰা আতচবাজীয়ে এইবাৰ গ্ৰাহকৰ পৰা সঁহাৰি লাভ কৰিব বুলি আশাবাদী থলুৱা শিল্পীসকল ৷
লগতে পঢ়ক :Janardan Dev Goswami Controversy: জনাৰ্দ্দনৰ্দ্দ দেৱ গোস্বামীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া অব্যাহত