ETV Bharat / state

বৰপেটাত কোনে পাব প্ৰাৰ্থীত্ব ! - election candidate

জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে তিনিজনকৈ প্ৰাক্তন বিধায়কে ৷ জনীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচৰা ভিতৰত আছে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু জনীয়াৰ দুই প্ৰাক্তন বিধায়ক আব্দুছ ছোভান আৰু আব্দুৰ ৰৌফ

বৰপেটাত কোনো বিচাৰিলে উপনিৰ্বাচনৰ প্ৰাৰ্থীত্ব!
author img

By

Published : Sep 25, 2019, 5:02 PM IST

বৰপেটা, 25 চেপ্তেম্বৰঃ জনীয়াত কংগ্ৰেছৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি ২০ জনে জনাইছিল আবেদন ৷ মঙলবাৰে বৰপেটাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈ যায় বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা ৷ সভাত প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনোৱা সকলোকেইগৰাকী আবেদনকাৰীৰ নাম প্ৰদেশ কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে জিলা কংগ্ৰেছে ৷ ইয়াৰ মাজতেই বুধবাৰে গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে বৰপেটা জিলা কংগ্ৰেছৰ এক গোপন বৈঠক অনুষ্ঠিত হয় ৷ য'ত অংশ লয় জনীয়াৰ প্ৰাক্তন বিধায়ক তথা সাংসদ আব্দুল খালেকে ৷ এই বৈঠকতে একপ্ৰকাৰ চূড়ান্ত কৰা হয় জনীয়াৰ প্ৰাৰ্থীত্ব ৷ 27 চেপ্তেম্বৰত অনুষ্ঠানিক ভাবে ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ নাম ৷ জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে তিনিজনকৈ প্ৰাক্তন বিধায়কে ৷ জনীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচৰা নেতাসকৰলৰ ভিতৰত আছে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু জনীয়াৰ দুই প্ৰাক্তন বিধায়ক আব্দুছ ছোভান আৰু আব্দুৰ ৰৌফ ৷ পিছে জনীয়াত কোনে পাব কংগ্ৰেছৰ প্ৰাৰ্থীত্ব ইয়াকে লৈ দলটোৰ মাজত চলিছে তীব্ৰ উৎকন্ঠা ৷

বৰপেটাত কোনে বিচাৰিলে উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব !

আনহাতে, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাৰ অকপট স্বীকাৰোক্তি, "বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানেও পাব পাৰে জনীয়াৰ প্ৰাৰ্থীত্ব ৷"

Intro:
বৰপেটা, ২৫ ছেপ্টেম্বৰঃ জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত কোনে লাভ কৰিব কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীত্ব ৷ কংগ্ৰেছৰ দখলত থকা সমষ্টিটো নিজৰ হাতত ৰাখিবলৈ কংগ্ৰেছ নেতৃত্বই যিকোনো ধৰনে চেষ্টা চলাব ৷ বিশেষকৈ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক তথা দলটোৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে যুজ দিব পৰা এগৰাকী সবল আৰু যোগ্য প্ৰাৰ্থী নিৰ্বাচনত অধিক গুৰুত্ব আৰোপ কৰিছে কংগ্ৰেছে ৷ Body:সংখ্যালঘু অধ্যুষিত সমষ্টিটোত ৰফিকুল ইছলামৰ সবল গণভিত্তি থকা কথাৰ ওপৰত ভিত্তি কৰিয়েই এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীক যোগ্য প্ৰত্যুত্তৰ দিব পৰা সবল প্ৰাৰ্থী এগৰাকীৰ সন্ধান চলাই আছে কংগ্ৰেছে ৷ জনীয়াত কংগ্ৰেছৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি ২০ জনে জনাইছিল আবেদন ৷ ইপিনে মঙলবাৰে বৰপেটাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈ যায় বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা ৷ এই সভাতে প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনোৱা সকলোকেইগৰাকী আবেদনকাৰীৰ নাম প্ৰদেশ কংগ্ৰেছ কমিটীলৈ প্ৰেৰন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে জিলা কংগ্ৰেছে ৷ ইয়াৰ মাজতেই আজি গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে বৰপেটা জিলা কংগ্ৰেছৰ এক গোপন বৈঠক অনুষ্ঠিত হয় ৷ য'ত জনীয়াৰ প্ৰাক্তন বিধায়ক তথা সাংসদ আব্দুল খালেকেও অংশ লয় ৷ ধাৰনা কৰামতে, এই বৈঠকতে একপ্ৰকাৰ চূড়ান্ত কৰা হয় জনীয়াৰ প্ৰাৰ্থীত্ব ৷ হয়তো ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হবলগীয়া প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ সভাত আনুষ্ঠানিক ৰূপহে দিয়া হব জনীয়াৰ প্ৰাৰ্থীৰ নাম ৷ জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে তিনিজনকৈ প্ৰাক্তন বিধায়কে ৷ জনীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচৰা ভিতৰত আছে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু জনীয়াৰ দুই প্ৰাক্তন বিধায়ক আব্দুছ ছোভান আৰু আব্দুৰ ৰৌফ ৷ পিছে জনীয়াত কোনে পাব কংগ্ৰেছৰ প্ৰাৰ্থীত্ব!! ইয়াকে লৈ দলটোৰ মাজত চলিছে তীব্ৰ উৎকন্ঠা ৷ তাৰমাজতেই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাৰ অকপট স্বীকাৰোক্তি- বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানেও পাব পাৰে জনীয়াৰ প্ৰাৰ্থীত্ব ৷ জিলা কংগ্ৰেছ সভাপতিৰ এনে স্পষ্ট মন্তব্যই জনীয়াৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মনত প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰাতো স্বাভাৱিক যদিও এআইইউডিএফৰ হাফিজ ৰফিকুলক প্ৰত্যাহ্বান জনাব পৰাকৈ বৰপেটাৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক ৰহিম খানক কংগ্ৰেছে প্ৰাৰ্থীত্ব দিলেও আচৰিত হবলগীয়া একো নাথাকিব ৷ ইপিনে জনীয়াৰ উপনিৰ্বাচনক লৈ এআইইউডিএফৰ সৈতে মিত্ৰতাৰ ঘোৰ বিৰোধী স্থিতি কৰিছে কংগ্ৰেছে ৷

Conclusion:বাইটঃ শানিতনু শৰ্মা, জিলা সভাপতি, কংগ্ৰেছ ৷
বাইটঃ দিগন্ত চৌধুৰী, সাঃ সম্পাদক, প্ৰদেশ কং ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.