বৰপেটা,12 জুন : পেট্ৰ’ল-ডিজেলৰ লগতে খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে বৰপেটা জিলাৰ হাউলীত যুৱ কংগ্ৰেছে (Barpeta district youth congress) উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ (central government) হায় হায় আদি বিভিন্ন শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ।
এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে । আহমেদে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাতো বিজেপি চৰকাৰৰ ব্যৰ্থতা বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক : হোজাইত যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকাৰ বিৰুদ্ধে গোচৰ ৰুজু