বৰপেটা, 8 মে’ : এগৰাকীৰ পিছত আনগৰাকী বিষয়ববীয়াৰ পদত্যাগে জোকাৰিছে বৰপেটা কংগ্ৰেছক ৷ কিছুদিন পূৰ্ব বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিয়ে দলত্যাগ কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ হৈছিল ৷ ইয়াৰ পিছতে শনিবাৰে জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমে কৰিছে পদত্যাগ(Barpeta district women Congress president resigns from party) ৷ সমান্তৰালকৈ কংগ্ৰেছৰ সাধাৰণ সদস্যৰ পদো ত্যাগ কৰে বেগমে ৷
জানিব পৰা মতে, বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ওপৰত অসন্তুষ্ট হৈয়েই মহিলা নেত্ৰীগৰাকীয়ে কংগ্ৰেছ ত্যাগ(Barpeta district mahila congress president resign) কৰে ৷ বিগত প্ৰায় 30 বছৰে কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে কাম কৰি আহিছিল নেত্ৰীগৰাকীয়ে ৷
অৱশ্যে জিলা নেতৃত্বই কংগ্ৰেছ নেত্ৰীগৰাকীৰ পদত্যাগ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰিছে যদিও নিজৰ মতত অটল থকা বুলি মন্তব্য কৰিছে সদ্য পদত্যাগী কংগ্ৰেছ নেত্ৰী অঞ্জুৱাৰা বেগমে ৷
লগতে চাওক: প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ