ETV Bharat / state

মুখ্যমন্ত্ৰী সোণোৱালক তদন্তৰ আঁওতালৈ অনাৰ দাবী কংগ্ৰেছৰ - অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদ

বিজেপি চৰকাৰে চাকৰিৰ এখন বৃহৎ বজাৰ খুলি বহিছে আৰু ৰকিবুল ইছলাম এই বজাৰখনৰ এজন গ্ৰাহকহে বুলি মন্তব্য কৰে সংবাদমেলখনত ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাস্কৰজ্যোতি মহন্তক তদন্তলৈ নানি তেওঁলোকৰ এজেন্ট সকলক জড়িত কৰি তদন্তৰ নামত আন এক কেলেংকাৰীহে আৰম্ভ কৰা বুলিও অভিযোগ তোলে বৰপেটা জিলা কংগ্ৰেছে ৷

SI scam
প্ৰসংগ SI স্কেম
author img

By

Published : Oct 4, 2020, 9:02 PM IST

বৰপেটা, ৪ অক্টোবৰ: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত নাম সাঙুৰ খাইছে বৰপেটাৰ কংগ্ৰেছ নেতা তথা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ ৷ শনিবাৰে নলবাৰী আৰক্ষীয়ে ৰকিবুল ইছলামক বিচাৰি তেওঁৰ ঘৰত অভিযান চলোৱাৰ পিচতেই স্বাভাৱিকতেই ঘটনাটোৱে লৈছে অন্য মোৰ ৷ উক্ত কেলেংকাৰীৰ সৈতে বৰপেটাৰ কংগ্ৰেছ নেতা জড়িত থকাৰ সন্দেৰ্ভত উত্থাপিত বিভিন্ন প্ৰশ্ন সন্দৰ্ভত দেওবাৰে বৰপেটা জিলা কংগ্ৰেছে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৷

লগতে পঢ়কঃ ৰঙিয়াত চলন্ত বাছৰ পৰা পৰি নিহত যুৱক

বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাসহ জিলা কংগ্ৰেছৰ একাংশ নেতাই অংশগ্ৰহণ কৰে সংবাদমেলখনত ৷ লগতে প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা ৰকিবুল ইছলাম কংগ্ৰেছৰ প্ৰাথমিক সদস্যই নহয় বুলি সদৰি কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বৰ পৰা ৰকিবুল ইছলামৰ কংগ্ৰেছৰ সৈতে কোনো সম্পৰ্ক নাই বুলিও সদৰি কৰে সংবাদমেলখনত ৷

কংগ্ৰেছৰ সংবাদমেল

ইপিনে কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ সৈতে ৰকিবুল ইছলামে উঠা ফটো এখনক লৈ ৰিপুণ বৰাৰ বিৰুদ্ধেও অপপ্ৰচাৰ চলাই থকা হৈছে বুলি অভিযোগ কৰে ৷ কেৱল ইমানেই নহয় প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত জড়িত থকা বুলি অভিযোগ তোলে ৷ লগতে তেওঁলোক দুজনক তদন্তৰ আঁওতালৈ আনিবলৈ দাবী উত্থাপন কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়কঃ পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.