ETV Bharat / state

বৰপেটাত সুৰা ক্ৰয়ৰ পূৰ্বে গ্ৰাহকে দেখুৱাব লাগিব ভেকচিনৰ প্ৰমাণ পত্ৰ - বৰপেটাত সুৰা ক্ৰয়ৰ নতুন নিয়ম

বৰপেটাত সুৰা ক্ৰয় কৰাৰ পূৰ্বে সুৰাৰ বিপণীত ক’ভিড ভেকচিন(Vaccination Certificate)ৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিব লাগিব গ্ৰাহকসকলে(Vaccination certificate mandatory for buying liquor in barpeta) ৷ কেৱল ক’ভিড ভেকচিনৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰাসকলৰ ওচৰতহে সুৰা বিক্ৰী কৰিব পাৰিব বিপণীসমূহে ৷ এই নিৰ্দেশনা জাৰি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল(Barpeta DC Tej Prasad Bhusal) ৰ ৷

barpeta dc on liquor selling
বৰপেটাত সুৰা ক্ৰয়ত নতুন নিয়ম
author img

By

Published : Dec 7, 2021, 6:06 PM IST

Updated : Dec 7, 2021, 6:41 PM IST

বৰপেটা, 7 ডিচেম্বৰ : বৰপেটা জিলাৰ সকলো সুৰা বিপণীলৈ এক গুৰুত্বৰূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্তই ৷ সুৰা বিক্ৰীৰ পূৰ্বে গ্ৰাহকৰ ক’ভিড টীকাকৰণৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব লাগিব বিপণীসমূহে ৷ ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ দেখুৱাবলৈ অসমৰ্থ সকলৰ ওচৰত বিলাতী সুৰা, দেশীয় সুৰা, বিয়েৰ আদি বিক্ৰী কৰিব নোৱাৰিব বিপণীসমূহে ৷ কেৱল ক’ভিড ভেকচিনৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰা সকলেহে ক্ৰয় কৰিব পাৰিব সুৰা(Vaccination certificate mandatory for buying liquor in barpeta) ৷

ভেকচিন গ্ৰহণ নকৰা অথবা প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ সকলৰ ওচৰত সুৰা বিক্ৰী কৰাৰ পৰা বিৰত থাকিব লাগিব বিপণীসমূহে ৷ বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে(Barpeta DC Tej Prasad Bhusal) শেহতীয়াকৈ জাৰি কৰিছে এই নিৰ্দেশনা ৷ সুৰা বিক্ৰীৰ তথ্যৰ লগতে নিৰ্দেশনাৰ ফলাফল আদি লিপিবদ্ধ কৰি ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে সুৰা বিপণীসমূহক ৷

বৰপেটাত সুৰা ক্ৰয়ত নতুন নিয়ম

নতুনকৈ জাৰি হোৱা নীতি-নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ সুৰা বিপণীসমূহক নিৰ্দেশ দিয়া হৈছে ৷ নিৰ্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে জিলা উপায়ুক্তই ৷ ক’ভিড ভেকচিন সম্পূৰ্ণ কৰি তোলাৰ স্বাৰ্থতেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : প্ৰসিদ্ধ সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত মুকলি হ’ল পথ

Last Updated : Dec 7, 2021, 6:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.