ETV Bharat / state

Flood in Barpeta: বানে জটিল ৰূপ ধাৰণ কৰিছে সৰ্থেবাৰীত

বৰষুণৰ ফলত ৰাজ্যজুৰি সৃষ্টি হৈছে বানৰ সংহাৰ । বৃষ্টিপাতৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা ইতিমধ্য়ে বানে প্লাবিত কৰিছে ৷

author img

By

Published : Jun 22, 2023, 8:15 PM IST

Flood in Assam
বানপানীৰ কবলত সৰ্থেবাৰী
বানপানীৰ কবলত সৰ্থেবাৰী

বৰপেটা, ২২ জুন: ৰাজ্যত আৰম্ভ বানৰ সংহাৰ । টিহু আৰু বুঢ়াদিয়া নদীৰ বাঢ়নী পানীৰ জলস্তৰ বৃদ্ধি হৈ থকাত আৰু ভগ্ন মথাউৰিৰে বিগত পাঁচ-ছয়দিন ধৰি হোৰাহোৰে পানী সোমাই থকাত সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও বানপানীৰ কবলত পৰিছে । আনহাতে, নেৰানেপেৰা বৰষুণেও সমস্যাত পেলাইছে বানাক্ৰান্ত ৰাইজক। ক্ৰমান্বয়ে সৰ্থেবাৰীৰ বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰিছে ।

সম্প্ৰতি সৰ্থেবাৰীৰ প্ৰায়বোৰ পথ জলমগ্ন হৈ পৰিছে । সৰ্বসাধাৰণ ৰাইজৰ লগতে কৃষকসকলৰো সমস্যাৰ সৃষ্টি হৈছে । পশুধনৰ খাদ্যক লৈও সমস্যাত পৰিছে কৃষক ৰাইজ । সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বেলবাৰী- নসত্ৰ সংযোগী পথটোও সম্প্ৰতি পানীৰ তলত । ইপিনে,বৃহস্পতিবাৰে সৰ্থেবাৰীৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ সৰ্থেবাৰী অঞ্চলত উপস্থিত হয় জিলা উপায়ুক্ত আয়ুষ গাৰ্গ ।

সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বেলবাৰী আৰু ফুলবাৰীত উপস্থিত হৈ জিলা উপায়ুক্তগৰাকীয়ে বানাক্ৰান্ত লোকৰ স'তে মত বিনিময় কৰে । শুকুৰবাৰৰ ভিতৰত বান সাহায্যৰ ব্যৱস্থা কৰা হ'ব বুলি বানাক্ৰান্ত ৰাইজক আশ্বাস দিয়ে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে । পশুধনৰ খাদ্যও যোগান ধৰা হ'ব বুলি জনায় উপায়ুক্তগৰাকীয়ে । বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনৰ উপৰি লাট মণ্ডলে উপায়ুক্ত আয়ুষ গাৰ্গক সংগ দিয়ে ।

অধিক জটিল হ'বলৈ ধৰিছে অসমৰ বান পৰিস্থিতি ৷ শেহতীয়াভাৱে নামনি অসমৰ পাঠশালাত পহুমাৰা নদীৰ মথাউৰি ভাগিল যোৱাৰ ফলত কেইবাটাও ঘৰ বিধ্বস্ত কৰে বানে ৷ বাঢ়নী পানীত ডুব গৈছে শ শ কৃষিভূমি ৷

ইপিনে,অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি বৰপেটা জিলাৰ বহুতো গাঁও প্লাৱিত হৈছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কতা জাৰি কৰা মতে অহা ২৪ ঘণ্টাত ৰাজ্য়ৰ জিলাসমূহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:BJP joining programme: ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মদাহী উন্নয়ন পৰিষদৰ সমূহ সদস্যৰ যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.