ETV Bharat / state

কলগাছিয়া অসামৰিক চিকিৎসালয় আকস্মিক পৰিদৰ্শন উপায়ুক্তৰ - উপায়ুক্ত

শনিবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়া অসামৰিক চিকিৎসালয়ত আকস্মিক পৰিদৰ্শনৰ বাবে উপস্থিত হ’ল জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল । ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ চিকিৎসা কৰ্মী তথা সংবাদ জগতৰ লগত জড়িত লোকসকলক অধিক তৎপৰ হ’বলৈ আহ্বান জনালে উপায়ুক্ত গৰাকীয়ে ৷

barpeta dc made sudden visit to kalagasia civil hospital
নিশা কলগাছিয়া অসামৰিক চিকিৎসালয় আকস্মিকভাৱে পৰিদৰ্শন কৰে উপায়ুক্তই
author img

By

Published : May 30, 2021, 10:48 AM IST

জনীয়া,30 মে’: বৰপেটা জিলাৰ নৱনিযুক্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে শনিবাৰে নিশা ১০ বজাত কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ বুজ লয় ।

উল্লেখযোগ্য যে, বৰ্তমান জিলাখনৰ ক’ভিড পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও এতিয়াও দিনে-নিশাই এই মহামাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ উপায়ুক্ত গৰাকীয়ে চিকিৎসক, নাৰ্চ, অন্যান্য চিকিৎসা কৰ্মীসকলক আহ্বান জনায় । ইয়াৰ লগতে তেওঁ সাংবাদিকসকলক দায়বদ্ধ অংশগ্ৰহণৰ আহ্বান জনায় ৷

নিশা কলগাছিয়া অসামৰিক চিকিৎসালয় আকস্মিকভাৱে পৰিদৰ্শন কৰে উপায়ুক্তই

ইফালে চিকিৎসালয়খনত অনতিপলমে আইচিউৰ ব্যৱস্থা কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে আশ্বাস দিয়ে । আনহাতে, উপায়ুক্ত গৰাকীৰ পৰিশ্ৰম তথা শক্তিশালী স্থিতিৰ দ্বাৰা সমগ্ৰ বৰপেটা জিলাখনত চিকিৎসা ব্যৱস্থা অধিক গতিশীল ৰূপত উপনীত হ’ব বুলিও এতিয়া আশাবাদী জিলাবাসী ।

লগতে পঢ়ক: সৰুপথাৰত উদ্ধাৰ হোৱা অসুস্থ কিশোৰীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.