ETV Bharat / state

বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা কৰ’ণাত আক্ৰান্ত

বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আক্ৰান্ত হৈছে কৰ’ণাত ৷ সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে উপায়ুক্ত গৰাকীক ৷

barpeta-dc-covid-positive
উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা কৰ’ণাত আক্ৰান্ত
author img

By

Published : May 2, 2021, 7:19 AM IST

বৰপেটা, 2 মে’: শনিবাৰে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত কৰা ক’ভিড পৰীক্ষাৰ ফলাফলত উপায়ুক্ত গৰাকী কৰ’ণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

barpeta-dc-covid-positive
উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা কৰ’ণাত আক্ৰান্ত

সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালতে ৰখা হৈছে উপায়ুক্ত শৰ্মাক ৷ হাস্পতালখনৰ অধ্যক্ষ ডাঃ ৰমেণ তালুকদাৰৰ লগতে চিকিৎসকসকলৰ সৈতে জিলা প্ৰশাসনৰ বিষয়াই জিলা উপায়ুক্ত গৰাকীৰ স্বাস্থ্য সম্পৰ্কে আলোচনা চলাই আছে ৷ জিলা উপায়ুক্তগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে ৷

বিগত 24 ঘণ্টাত বৰপেটা জিলাত নতুনকৈ 112 গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত ৷ শনিবাৰৰ দিনটোলৈ জিলাখনত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হয় 1,113 গৰাকীলৈ ৷ আনহাতে এগৰাকী আক্ৰান্ত লোকৰ মৃত্যু হয় ৷

লগতে পঢ়ক : বিগত ২৪ ঘণ্টাত বৰপেটাত ১১২গৰাকী লোক কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.