বৰপেটা, ১ জুন : আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পালেও ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ'ণা(covid-19)ৰ সংক্ৰমণ । বিশেষকৈ মৃত্যুৰ হাৰ হ্ৰাস পোৱা নাই । অসমত এতিয়ালৈকে ক'ভিডৰ বাবে তিনি সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাছে । ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বৰপেটা জিলাতো অব্যাহত আছে কৰ’ণাৰ ত্ৰাস ৷ বৰপেটাত মঙলবাৰৰ দিনটোতে মৃত্যু হৈছে দুজন ক’ভিড আক্ৰান্ত ৰোগীৰ ৷ ইয়াৰ লগে লগে জিলাখনত মুঠ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 95 গৰাকীলৈ বৃদ্ধি পাইছে ৷ মঙলবাৰ দিনটোত জিলাখনত নতুনকৈ 163 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ আনহাতে মঙলবাৰৰ দিনটোত জিলাখনত 178 গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷
উল্লেখ্য যে, বৰপেটা জিলাত এই পৰ্যন্ত ৫৮৬৩ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ তদুপৰি এতিয়ালৈকে বৰপেটাত মুঠ ৩৬৩৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ মঙলবাৰৰ দিনটোলৈকে বৰপেটাত চিকিৎসাধীন হৈ আছে ২০৮৯ গৰাকী ক’ভিড ৰোগী ৷ মঙলবাৰৰ দিনটোত জিলাখনত পৰীক্ষা কৰা ৩৮৪৪ জন লোকৰ ভিতৰত ১৬৩ লোক কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হয় ৷ জিলাখনত মঙলবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ৪·২৪ শতাংশ ।
লগতে পঢ়ক : বনিয়াৰ হাতলৈ যাব অসমৰ দুয়োটা কাগজকল : বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ