বৰপেটা,৬ এপ্ৰিল: ভোটগ্ৰহণৰ সমাপ্তিৰ পাচতে বৰপেটা কংগ্ৰেছৰ ৯ জন কৰ্মীক নিলম্বন ৷ দল বিৰোধী কাৰ্য আৰু দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত ৯ নেতাক বৰ্খাস্ত কৰা হৈছে ৷
নিলম্বন কৰা কৰ্মী কেইজনৰ নাম- অধৰ গায়ন, প্ৰাঞ্জল দাস, ত্ৰৈল্যেক্য পাঠক, নিতুল দাসক, সীমান্ত দাস, ভূদেৱ পাঠক, নৃপেন দাস, গৌতম দাস, যোগেন দাস আদি ৷ একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে সাম্প্ৰদায়িকতাবাদৰ অভিযোগ তুলিছিল কৰ্মীকেইজনে ৷ বৰপেটা সমষ্টিত দলৰ টিকট প্ৰদানত সাম্প্ৰদায়িক স্থিতি গ্ৰহণৰ অভিযোগ তুলিছিল সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে ৷
লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে সুজাতা মণ্ডল খানৰ বিস্ফোৰক অভিযোগ